অসম

টিহুত আৱকাৰী বিভাগৰ কাৰ্যালয়ত তলা লগালে জিলা উপায়ুক্তই

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: আৱকাৰী বিভাগৰ টিহু কাৰ্যালয়ত আজি তলা ল’গাই দিয়ে  নলবাৰী জিলা উপায়ুক্তই।

নলবাৰী জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষতে থকা টিহু আৱকাৰী বিভাগৰ কাৰ্যলয়ত উপস্থিত হোৱাৰ সময়ত আৱকাৰী বিভাগৰ এজনো কৰ্মচাৰী উপস্থিত নথকাত কাৰ্যলয়ত তলা লগাই দিয়ে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি টিহু নগৰক কেন্দ্ৰ কৰি ইয়াৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চল সমূহত অবৈধ চুলাই মদ আৰু বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে আজি আৱকাৰীৰ কাৰ্যালয়ত ত’লা লগাই দিয়া ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
আনহাতে টিহু আৱকাৰী পৰিদৰ্শক মহেশ চন্দ্ৰ চৌধুৰীয়ে জনোৱা মতে আৱকাৰী বিভাগৰ এটি দলে আজি টিহুৰ নাথকুছি অঞ্চলত এক অভিযান চলাই বুজন পৰিমাণৰ চুলাই মদ সহ এই ব্যৱসায়ৰ লগত জড়িত তিনিজনক আটক কৰে। তিনিজনৰ ভিতৰত দুগৰাকী মহিলা। অভিযান চলি থকাৰ সময়তে জিলা উপায়ুক্তই কাৰ্যালয়ত উপস্থিত হৈ এজনো কৰ্মচাৰীক নাপাই ত’লা লগাই দিয়ে। অৱশ্যে আৱকাৰী বিভাগৰ টিহু কাৰ্যালয়ত চকিদাৰ নথকা বাবে কাৰ্যালয়ত ত’লা মাৰি আটাইকেইজনে অভিযানলৈ গৈছিল বুলি জনায় আৱকাৰী বিষয়া  মহেশ চন্দ্ৰ চৌধুৰীয়ে। পিছত জিলা উপায়ুক্তই তলা খুলি দিয়াৰ ব্যৱস্থা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close