শেহতীয়া
Home / সভা-সমিতি / টিহুত প্ৰধান শিক্ষকক বিদায় সম্বৰ্দ্ধনা

টিহুত প্ৰধান শিক্ষকক বিদায় সম্বৰ্দ্ধনা

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: ৩৯৫ নং টিহু টাউন বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন পাঠকে আজি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উদ্দেশ্যে আজি শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি মণিকা বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত এক সভাত প্ৰধান শিক্ষক পাঠকক বিদায় সম্বৰ্দ্ধনা জনোৱা হয়।

শিক্ষানুষ্ঠানখনৰ জেষ্ঠ শিক্ষয়িত্ৰী গোলাপী ঠাকুৰীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিদায়ী প্ৰধান শিক্ষক দ্বিজেন পাঠকে তেওঁৰ বিগত দিনৰ কাৰ্যকালৰ স্মৃতি ৰোমন্থন কৰি বিদ্যালয়খনৰ বিদ্যাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সভাত সদ্য নিযুক্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জু কলিতাই বিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। সভাত কেইবাগৰাকী বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে শিক্ষানুষ্ঠানখনৰ সদ্য নিযুক্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জু কলিতাই শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব অনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, পুৱাৰ ভাগত শিক্ষানুষ্ঠানখনৰ বিদ্যাৰ্থী সকলে প্ৰধান শিক্ষক দ্বিজেন পাঠকক নিজ গৃহৰ পৰা এক শোভাযাত্ৰাৰে বিদ্যালয়লৈ আদৰি আনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*