Home / অসম / টিহু মহাবিদ্যালয়ত পাই দিৱস পালন

টিহু মহাবিদ্যালয়ত পাই দিৱস পালন

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: আজি টিহু মহাবিদ্যালয়ৰ গণিত বিভাগত π(পাই) দিৱস পালন কৰা হয়৷ ২০১৪ চনৰ পৰাই পালন কৰি অহা আজিৰ অনুষ্ঠানটোত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰৰ লগতে মহাবিদ্যালয়খনৰ গণিত বিভাগৰ অধ্যাপক তথা সমূহ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ অনুষ্ঠানটোৰ বিষয়ে অধ্যক্ষই বিৱৰি এনেকুৱা আন্তঃৰাষ্ট্ৰীয় দিৱস এটা টিহু মহাবিদ্যালয়ৰ গণিত বিভাগে পালন কৰি অহা কাৰণে ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানটোত গণিত বিভাগৰ অধ্যাপক নজৰুল ইছলামে কয় যে π(পাই) সংখ্যাটো এনেকুৱা এটা সংখ্যা যাক কেইবাশ বছৰৰ পৰা বহু গণিতজ্ঞই অনুসন্ধান কৰি আছে যদিও তাৰ আজিলৈকে সঠিক মান উলিয়াব পৰা নাই৷ অনুষ্ঠানটোৰ মাজতে প্ৰখ্যাত বিজ্ঞানী ডঃ ষ্টিফেন হকিঙৰ আজি মৃত্যুৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*