অসমগুৱাহাটী

টুপামাৰীত জটিল ৰোগত আক্ৰান্ত শিশু, টকাৰ অভাৱৰ বাবে কৰিব পৰা নাই চিকিৎসা

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ১নং টুপামাৰী গাঁৱৰ এটি অতি দুখীয়া পৰিয়াল এটি জটিল ৰোগত আক্ৰান্ত শিশুক লৈ জীৱন যাপন কৰি আহিছে৷

জানিবপৰা মতে, জিলাখনৰ উল্লেখিত আৰক্ষী থানাৰ এলেকাধীন টুপামাৰী গাঁৱৰ বাসিন্দা বাদশ্বা আলী নামৰ পৰিয়ালৰ মূৰব্বীজনে মিস্ত্ৰীৰ সৈতে দিন হাজিৰা কাম কৰি কোনো মতে পেটৰ ভাত মুঠি যোগাৰ কৰি দিন ৰাতি অতিবাহিত কৰি আহিছে৷ প্ৰায় এবছৰ পূৰ্বে বাদশ্বা-ফৰিদা দম্পতিৰ এটা পুত্ৰ সন্তান জন্ম হয় যদিও জন্মৰে পৰা শিশুটি ৰোগাক্ৰান্ত৷ শিশুটিৰ গুহ্যদ্বাৰ বন্ধ হোৱাত জি এম চি এইচ’ত চিকিৎসা কৰি কোনোমতে পেটটো কাটি সন্মুখভাগেৰে কৃত্ৰিম শৌচদ্বাৰ মোকলাই দিয়ে চিকিৎসকে৷ জন্মৰ কেইমাহমান পাছৰে পৰা শিশুটি পুণৰ হাৰ্টৰ বেমাৰতো ভোগে ৷ মাকৰ কোলাত থাকিলেও অনবৰতে কন্দা-কটা কৰি থকা শিশুটিক লৈ বিপাঙত পৰিছে পৰিয়ালটোৱে৷ শিশুটিৰ কান্দোনে আনকি প্ৰতিবেশীৰো অন্তৰ ভাঙে যদিও আজি লৈকে শিশুটি সুস্থ সবল হৈ নুঠাত দৰিদ্ৰ পিতৃ মাতৃ ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নোৱাৰি হাহাকাৰ কৰি ঘূৰি-ফুৰি হাবাথুৰি খাই ফুৰি থকা পৰিলক্ষিত হৈছে৷ জি এম চি এইচ কৰ্তৃপক্ষই শিশুটিক পৰৱৰ্তী চিকিৎসা আৰু হাৰ্টৰ অস্ত্ৰোপচাৰৰ বাবে যথোচিত গুৰুত্ব নিদিয়াৰো গূৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷ অস্ত্ৰোপচাৰৰ বাবে বাঙ্গালুৰলৈ নিব লাগে যদিও শিশুটিক চিকিৎসা কৰিবৰ কাৰণে দৰিদ্ৰ পিতৃ মাতৃৰ হাতত নাই ফুটাকঢ়ি এটা৷ গুৱাহাটীলৈ যোৱাৰ গাড়ীভাড়া পৰ্যন্ত নথকা দম্পতিয়ে একমাত্ৰ সন্তানটিৰ বাঙ্গালুৰৰ চিকিৎসালয়লৈ নিয়াৰ সাহসো কৰিব পৰা নাই৷ সেয়েহে শিশুটিৰ মাতৃৰ লগতে প্ৰতিবেশীয়ে শিশুটিৰ চিকিৎসাৰ যাৱতীয় দিহা কৰাবলৈ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে৷ জি এম চি এইচৰ চিকিৎসাৰ নথি-পত্ৰ হাতত লৈয়ে দুখ পাহৰিবলৈ যত্ন কৰা দুৰ্ভগীয়া শিশুটিৰ মাতৃ ফৰিদা খাতুনে সদাশয় ৰাইজ-চৰকাৰৰ পৰা কিবা সাহায্য প্ৰাপ্তিৰ আশাৰে নিজৰ এলাহাবাদ বেংকত থকা ০০০০০০৫৯১০৮১৫০৫৪৬ একাউণ্ট নম্বৰত সাহাৰ্য্য প্ৰদান কৰিবলৈ কাতৰ আহ্বান জনাইছে। চৰকাৰৰ স্বাস্থ্য বিভাগকো দুৰ্গত পৰিয়ালটোৰ দুৰ্ভগীয়া এই শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় সাহাৰ্য আগবঢ়াবলৈ বিভিন্ন দল সংগঠনে চৰকাৰক দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close