শেহতীয়া
Home / সভা-সমিতি / ডিগবৈত কংগ্ৰেছৰ ৰাজহুৱা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা অংশগ্ৰহণ

ডিগবৈত কংগ্ৰেছৰ ৰাজহুৱা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা অংশগ্ৰহণ

প্ৰথম খবৰ, ডিগবৈ: ডিগবৈ বিজেপি দলৰ বিধায়ক সুৰেন ফুকনৰ বাসগৃহৰ ওচৰতে থকা টিংৰাই ৰাজহুৱা মঞ্চত হাপজান ব্লক কংগ্ৰেছ কমিটীৰ উদোগত আয়োজিত ৰাজহুৱা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আৰু বিজেপি দলৰক তুলা ধুনা দিয়ে। লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণ শিঙা বজালে ডিগবৈ সমষ্টিত।

তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত আদৰনি ভাষণ আগবঢ়াই ডিগবৈ কংগ্ৰেছৰ নেতা গৌতম ধানোৱাৰে ডিগবৈ বিজেপি বিধায়ক সুৰেন ফুকনে ক্ষমতা বল প্ৰয়োগ কৰি পঞ্চায়ত ৰাজ ব্যৱস্থাক কৰি ঠিকাদাৰ ৰাজ চলাইছে বুলি কটাক্ষ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*