অসম

ডিগবৈ শোধনাগাৰৰ পাইপ ফুটি তেল নিৰ্গত, পাইপ ফুটা কৰি চোৰে লৈ গ’ল লক্ষাধিক টকাৰ ডিজেল

ডিগবৈপৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: ডিগবৈ শোধনাগাৰৰ পৰা তিনিচুকীয়া টাৰ্মিনেললৈ যোৱা তৈল পৰিবাহী ছয় ইঞ্চি পাইপ ডাল যোৱা নিশা ৩৮নং ৰাষ্টীয় ঘাইপথৰ কাষত ডিগবৈ টিংৰাইত চোৰে পাইপ ফুটা কৰি কেইবা লক্ষাধিক টকাৰ ডিজেল তেল লৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

চোৰে পাইপ ফুটা কৰি তেল নিয়াৰ পিছত তেলৰ নৈ বৈ যাবলৈ ধৰে। পুৱাৰ ভাগত স্থানীয় লোকে টিন বাল্টি মগ লৈ তেল কঢিওৱাত ব্যস্ত হৈ পৰে। আই অ’ চি নিৰাপত্তা বাহিনীৰ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।

Related Articles

Leave a Reply

Close