অসমশীৰ্ষ

ডিমৌত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত সোমাল যাত্ৰীবাহী নৈশ বাছ

ডিমৌৰপৰা গৌতম হীৰা,প্ৰথম খবৰ:ডিমৌৰ থাওৰাত দেওবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বাছ দুঘৰ্টনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে দু্ৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত থকা পুখুৰী সদৃশ গাঁত বচাবলৈ গৈ ভোলানাথ নামৰ AS-O6AC-7587 নম্বৰৰ যাত্ৰীবাহী নৈশ বাছখন থাওৰাত নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা খাৱৈত সোমাই পৰে। এই দুৰ্ঘটনাটোৰ ফলত সৌভাগ্যক্ৰমে বাছখনত থকা যাত্ৰীসকল গুৰুতৰ অাঘাতৰ পৰা ৰক্ষা পৰে। গুৱাহাটীৰ পৰা নাহৰকটীয়ালৈ অাহিছিল বাছখন। উল্লেখ্য যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিমৌলৈ আহি ঘাইপথটো মেৰামতি কৰাৰ বাবে বিভাগীয় বিষয়াক কঠোৰ নিৰ্দেশ দিছিল যদিও আজিলৈকে যাতায়তৰ বাবে সুচল নহ’ল পথচোৱা। যাৰ পৰিণতিত এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

Related Articles

Leave a Reply

Close