অসম

ডিমৌত ভয়ানক পথ দুৰ্ঘটনা, নিহত ২

প্ৰথম খবৰ,ডিমৌ: দেওবাৰে দুপৰীয়া শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দুপৰীয়া ডিমৌ-নিতাই দিহিং পথৰ কেন্দুগুৰিত দুখন তীব্ৰবেগী মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ৪ জন আৰোহী পথৰ কাষলৈ ছিটিকি পৰে। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুজন আৰোহী। নিতাইপুখুৰী দুৱৰীছিগাৰ ফনী দিহিঙীয়া নামৰ প্ৰায় ৫৫ বছৰীয়া লোকজন থিতাতে নিহত হোৱাৰ লগতে ৫০০ মিটাৰ দূৰত্বত অৱস্থিত ডিমৌ আদৰ্শ চিকিৎসালয় পোৱাৰ লগে লগে মৃত্যু হয় ৰূপহীবামৰ তনু গগৈ নামৰ ২৬ বছৰীয়া যুৱকজন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পদুম গগৈ আৰু বিতু ৰাজবংশী নামৰ আন দুজন লোক। দুৰ্ঘটনাগ্ৰস্থ মটৰ চাইকেল দুখনৰ নম্বৰ হৈছে এ এচ০৪ টি ১৯১১ আৰু এএচ ০৪ জি ২৪৭৯।

উল্লেখ্য যে, ৰাজমাই দেওবৰীয়া বজাৰপৰা গৰু বিক্ৰী কৰি পদুম গগৈৰ সৈতে ঘৰলৈ ঘূৰি অহা তনু গগৈৰ হিৰো স্পেলন্দাৰখন আৰু বিপৰীত দিশৰ পৰা অহা বাজাজ এক্স চি ভি ১০০ মটৰ চাইকেলখনৰ মাজত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনাটো। জানিবপৰা মতে, নিহত ফনীধৰ দিহিঙীয়া এজন প্ৰাক্তন সৈনিক আৰু তনু গগৈ অবিবাহিত যুৱক আছিল। এই ঘটনাই অকালতে প্ৰাণ কাঢ়ি নিলে দুজনকৈ লোকৰ। যাক লৈ সমগ্ৰ ডিমৌতে শোকৰ বন্যা বৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close