সভা-সমিতি

ডিমৌত স্বচ্ছতাৰ সজাগতা সভা

ডিমৌৰপৰা গৌতম হীৰা, প্ৰথম খবৰ: এইবাৰ স্বচ্ছতাৰ বাৰ্তা লৈ বিদ্যালয়ে বিদ্যালয়ে অনুষ্ঠিত হৈছে স্বচ্ছতাৰ সজাগতা সভা। পৰিষ্কাৰ-পৰিচন্নতাই এখন সুন্দৰ সমাজ গঢ় দিয়ে। সেয়ে শিৱসাগৰ জিলাৰ ডিমৌতো ডিমৌ নগৰ সমিতিৰ উদ্যোগত আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত অঞ্চলটোৰ বিদ্যালয়সমূহত স্বচ্ছতা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হৈছে।

সোমবাৰে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়, হেমচন্দ্ৰ বৰগোঁহাই মডেল ইংলিচ স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বচ্ছতাৰ সম্পৰ্কত সজাগতা অনাৰ অৰ্থে একোখনিকৈ সভা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং, ডিমৌ নগৰ সমিতিৰ স্বচ্ছতাৰ ব্ৰেণ্ড এম্বেচাদৰ তথা সমাজকৰ্মী শেখৰজ্যোতি দুৱৰী, নগৰ সমিতিৰ কণিষ্ঠ অভিযন্তা গৌতম কলিতা, দুৰ্গা মাধৱ দিহিঙীয়া আদি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি শতাধিক ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ ভিতৰতে ডিমৌ নগৰক স্বচ্ছতাৰ ক্ষেত্ৰত আটকধুনীয়া কৰাৰ লক্ষ্যৰে যোৱা ২৭ফেব্ৰুৱাৰীৰ পৰা প্ৰধানত: বিদ্যালয়সমূহত এনেধৰণৰ স্বচ্ছতাৰ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আশা কৰা হৈছে, ডিমৌ নগৰ সমিতি তথা প্ৰশাসনে লোৱা এনে মহৎ প্ৰচেষ্টাই সকলোৰে মাজত স্বচ্ছতাৰ এক জাগৰণ সৃষ্টি কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close