সভা-সমিতিসাহিত্য

ডেৰকুৰি কবিৰ কবিতাৰে মুখৰিত মাৰ্ঘেৰিটা, বৰ্ণালী গগৈৰ কবিতা সংকলন মোৰ বুকুৰ নীলা চৰাই উন্মোচন

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ নৱগঠিত মহিলাৰ এটি অগ্ৰণী অনুষ্ঠান পাটকাই কবি চক্ৰৰ উদ্যোগত আজি মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত এটি মনোগ্ৰাহী কাব্যানুষ্ঠান অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাহিত্যিক,কবি ডঃ ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত কবিতা অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰমেন হাজৰিকাই। কবি চক্ৰৰ আহ্বায়িকা বন্দনা দাস দত্তই আত ধৰা কবিতা অনুষ্ঠানটোৰ আৰম্ভণিতে যোৰহাটৰ শব্দ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰতিশ্ৰুতিসম্পন্ন নবীন কবি বৰ্ণালী গগৈৰ “অ’ মোৰ বুকুৰ নীলা চৰাই “আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ বৰুণ বৰাই। তাৰ পিছতে দিব্যলতা দত্ত, ৰুণজুন শইকীয়া স্বৰ্গজ্যোতি বৰা, বৈজয়ন্তী বৰা, যোগেশ বিকাশ গগৈ, নিকুঞ্জ গগৈ, বন্দনা দাস দত্ত,গীতা দেৱী নেওগ পাৰুল দুৱৰী, ডিম্পী বৈশ্য, অৰুপ কুমাৰ চাংমাই, প্ৰণৱ প্ৰিয়াংকুশ গগৈ উৰ্মিলা ৱাখেত, বৰ্ণালী গগৈ চানিয়া বৰুৱা বন্দনা গগৈ মনজিত ৰাজখোৱা আদিকে ধৰি প্ৰায় ডেৰ কুৰি নবীন প্ৰৱীন কবিয়ে কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানটোত মাৰ্ঘেৰিটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱজিত বৰুৱা সাহিত্য সংগঠক ৰাণাজ্যোতি নেওগে অংশগ্ৰহণ কৰি বক্তব্য ডাঙি ধৰে। সঞ্চালক ডঃ দত্তই কেইবাটাও কবিতা পাঠ কৰি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি তোলে।

Related Articles

Leave a Reply

Close