অসমশীৰ্ষ

ঢকুৱাখনাৰ মনিষা দাসৰ সাফল্য:ভাৰতীয় মহিলা ক্ৰিকেট (এ) দলত স্থান লাভ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা,প্ৰথম খবৰ: লখিমপুৰ জিলা ঢকুৱাখনাৰ ন-কপহুৱা গাঁৱৰ যুৱতী মনিষা দাসে কঠোৰ সাধনা আৰু অভ্যাসৰ দ্বাৰা ভাৰতীয় মহিলা ক্ৰিকেট (এ) দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সদ্যসাপ্ত মাণ্ডলিক মহিলা ক্ৰিকেটত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱাৰ বাবেই এতিয়া মনিষাই ভাৰতীয় জাতীয় দলত স্থান পাবলৈ সক্ষম। ঢকুৱাখনাৰ ন-কপহুৱা গাৱঁৰ এটি কৃষকৰ পৰিয়াল সোম্বৰ (সোমবৰ) দাস আৰু বিমলপ্ৰভা দাসৰ কন্যা মনিষা দাস। মনিষাই অহা ১৯ আৰু ২০ মাৰ্চত মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে খেলত ভাগ ল’ব। মনিষাৰ এনে সাফল্যত উৎফুল্লিত হৈছে গাৱঁৰ লগতে ঢকুৱাখনাৰ ক্ৰীড়াপ্ৰেমী। বৰ্তমান উত্তৰ-পূৱ ৰে’লৱেৰ এগৰাকী কৰ্মচাৰী মনিষা। মনিষাই ভৰতীয় জাতীয় দলত স্থান লাভ কৰাৰ বাবে তেওঁৰ পূৰ্বে অধ্যয়ন কৰা হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয় পৰিয়ালে শুভেচ্ছা জ্ঞাপন কৰিছে।

ইফালে ঢকুৱাখনা জিলা ক্ৰীড়া  সন্থা,ঢকুৱাখনাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলে লগতে ঢকুৱাখনা মহকুমা আৰু আঞ্চলিক আছু,ঢকুৱাখনা মহকুমা অনুসুচীত জাতি ছাত্ৰ সন্থা,ঢকুৱাখনা জিলা টি.এম.পি.কে, এম.এম.কে,ঢকুৱাখনা মহকুমা লেখিকা সমাৰোহৰ সমিতি আদি বিভিন্ন দল-সংগঠনেও শুভেচ্ছা জনাইছে মনিষাক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close