অসম

তুলসীবাৰী এপ’ল বস্ত্ৰ উদ্যোগৰ নিৰাপত্তাৰক্ষীয়ে আৰ্থিক দীনতাত আকোৱালি ল’লে অকাল মৃত্যুক

প্ৰথম খবৰ ৰঙিয়া: ১ মাৰ্চ অসম চৰকাৰৰ সমবায় খণ্ডৰ অধীনস্থ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপল’ মিলৰ কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে অশনি সংকেত। সুদীৰ্ঘ দিন ধৰি কৰ্মহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বেতনৰ পৰা বঞ্চিত হৈ আৰ্থিক দীনতাত ভোগা মিলটোৰ শ্ৰমিক- কৰ্মচাৰীসকলে জীয়াই থকাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। বাৰে-বাৰে আন্দোলন কৰিও চৰকাৰৰ সদিচ্ছাৰ অভাবত ব্যৰ্থ হৈ হা-হুমুনিয়াহ কঢ়াৰ বাহিৰে যেন  গত্যন্তৰ নোহোৱা হৈছে। এনে এক সময়তে মনোৰাম কুমাৰ নামৰ শ্ৰমিক এজনে কিছুদিন পূৰ্বে আত্মহত্যাৰ পন্থা লবলৈ বাধ্য হৈছিল। আজি পুনৰ ভূবনেশ্বৰ মহন্ত নামৰ নিৰাপত্তাৰক্ষী এগৰাকীয়ে উপযুক্ত চিকিৎসাৰ  অভাবত সাৱটি লয় অকাল মৃত্যুক। জীবনৰ ৫৮ টাকৈ বৰ্ষ গৰকি বিয়লি বেলাত উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ  অভাৱত মিলটোৰ কৰ্মচাৰী গৰাকীয়ে চিকিৎসাধীন অৱস্থাতে গুৱাহাটী মহানগৰীৰ আৰ্য্য হাস্পাতালত মৃত্যুক সাবটি লোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।আনকি আৰ্য্য হাস্পাতালত ধনৰ অভাবত চিকিৎসাৰ বাবদ পৰিশোধ কৰিবলগা ধনখিনি আদায় দিয়াৰ ক্ষেত্ৰতো অসহায় হৈ পৰে দুৰ্ভগীয়া পৰিয়ালৰ লোকসকল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close