অসমশীৰ্ষ

তেজপুৰত ৰাম হনুমানৰ যুদ্ধ

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: শ্ৰীৰাম চন্দ্ৰৰ পৰম ভক্ত হনুমানৰ মাজত এডাল মালাক লৈ মতানৈক। যাৰ বাবে হনুমানে নিজৰ বুকু ফালি মহাপ্ৰভু ৰামচন্দ্ৰক প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ দুজনাৰ অমৰ সৃষ্ট এই ভাওনাক শিশুসকলৰ মাজতো প্ৰসাৰ আৰু জনপ্ৰিয়তা কৰাৰ বাবে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান জ্যোতিসংগম আৰু মিলনপুৰীয়া ৰাইজৰ উদ্যোগত দুদিনীয়া শিশু ভাওনা সমাৰোহ আজিৰে অনুষ্ঠিত হৈছে।

অগ্নিগড় যাত্ৰাৰে শিশু গায়ন বায়নে জোৰা আৰাম্ভ কৰা পিছত উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সভা সভাপতি বংকিম বৰুৱাই শিশু ভাওনাৰ জৰিয়তে শিশুসকলৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্স সাধন হয় বুলি কোৱাৰ লগতে শিশু ভাওনাৰ গুৰুত্ব সম্পকত সাৱলীল ভাষণৰে আৰাম্ভ কৰা প্ৰথম নিশাৰ শিশু ভাওনা সমাৰোহত শোণিতপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অপুৰ্ব বৰা ভাওনাশিল্পী মনোজ শইকীয়া, নীলকমল শইকীয়া, প্ৰশিক্ষক ভৰত শৰ্মা, কুশল হাজৰিকা, কৃষ্ণ শইকীয়াক বিপুলভাৱে আদৰণী জনোৱা।

কণকণ শিশুৱে খোল তালৰ চেৱে চেৱে বিভিন্ন নৃত্য বচনৰে ৰাম হনুমানৰ যুদ্ধ শীৰ্ষক নাটখন সুন্দৰভাৱে পৰিবেশন কৰি শিশুসকলে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close