গ্ৰন্থসভা-সমিতি

‘তোমাৰ  ঠিকনা বিচাৰি’ শীৰ্ষক গ্ৰন্থ উন্মোচন

প্ৰথম খবৰ,কৈঠালকুছি: অসম সাহিত্য মঞ্চৰ উদ্যোগত আৰু টিহু মহকুমা ৰিপ’ৰ্টাৰ্ছ এছোচিয়েচনৰ সৌজন্যত আজি নলবাৰী জিলাৰ টিহু ৰাজহুৱা পুথিভঁড়ালত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত “তোমাৰ ঠিকনা বিচাৰি” শিৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰা হয়৷ অসম সাহিত্য মঞ্চৰ সঞ্চালক হীৰেন দাসৰ সম্পাদনাত প্ৰকাশ কৰি উলিওঁৱা গ্ৰন্থখন  উন্মোচন কৰে সাহিত্যাচাৰ্য্য,বিশিষ্ট ভাষাবিদ ড০ ৰমেশ পাঠকে৷ টিহু মহকুমা ৰিপ’ৰ্টাৰ্ছ এছোচিয়েচনৰ মূখ্য উপদেষ্টা প্ৰাণকৃষ্ণ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক গোবিন্দ নাৰ্জাৰী,অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ মহেশ চন্দ্ৰ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাকে ধৰি বহুকেইজন লোক উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close