Home / অসম / ত্ৰিপুৰাৰ লেলিনৰ মূৰ্তি ভঙাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ত্ৰিপুৰাৰ লেলিনৰ মূৰ্তি ভঙাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ: কোনো মূৰ্তি ভঙাক মই সমৰ্থন নকৰো। গণতান্ত্ৰিক দেশ এখনত লেলিনৰে হওক বা অন্য কাৰোৱাৰ মূৰ্তি ভঙা কাৰ্যক সমৰ্থন নকৰো, মই এনে কাৰ্যক গৰিহণা দিছো আৰু মূৰ্তি ভঙা কাৰ্য বন্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছো। এই আহ্বান তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ। সাংসদ শৰ্মাই লগতে কয় যে সদ্য সমাপ্ত তিনি ৰাজ্যৰ নিৰ্বাচনক লৈ সন্তোষ্টি প্ৰকাশ কৰি কয় যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছ মুক্ত দেশৰ সপোন সফল হোৱাৰ পথত বুলি মন্তব্য কৰে। ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী বিপ্লব দেৱ বাংলাদেশৰ পৰা ১৯৭১ আগত অহা বুলি কয় ৰাম প্ৰসাদ শৰ্মাই লগতে বিপ্লৱ দেৱ যিহেতু ১৯৭১ চনৰ আগত অহা গতিকে তেওঁ বিদেশী কেনেকৈ হ’ল। অসমৰ যিহেতু ১৯৭১ কথা চলি আছে গতিকে বিপ্লৱ দেৱক লৈ হৈ চৈ কৰি লাভ নাই বুলিও মন্তব্য কৰে সাংসদ  শৰ্মাই। তেজপুৰৰ সাংসদ জনৰ এই মন্তব্য তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব। সাংসদ জনৰ এই মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ আৰু সদৌ অসম মদাহী জনজাতি ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন মদাহীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*