অসমসভা-সমিতি

দক্ষিণ কামৰূপৰ ছয়গাওঁত হস্ততাঁত প্ৰশিক্ষণ

ছয়গাঁওৰপৰা চক্ৰধৰ বৰকাকতি, প্ৰথম খৱৰঃ কামৰূপ জিলাৰ ছয়গাওঁ, মিৰ্জা নাট্যমন্দিৰ প্ৰাঙ্গন আৰু মিৰ্জা মিলন সংঘত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈকৈ ৪৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এক তাঁতবোৱা প্ৰশিক্ষণ৷

“প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনা”ৰ অধীনত “ভেলিয়াৰ ফেৱটেক প্ৰাইভেট লিমিটেডে” অনুষ্ঠিত কৰা এই প্ৰশিক্ষণে গ্ৰাম্য অঞ্চলৰ শিপিনী সকলক ভৱিষ্যতে স্বনিয়জনৰ পথ প্ৰশস্ত কৰি তুলিব বুলি আশ্বাস প্ৰদান কৰে সংগঠনটোৱে৷ তদুপৰি প্ৰশিক্ষণৰ অন্তত শিপিনীসকলে ভাৰত চৰকাৰৰ পৰা অনুমোদিত এখনকৈ প্ৰমাণপত্ৰ আৰু মাহেকীয়া ভাট্টা লাভ কৰাৰো কথা স্বীকাৰ কৰে “ভেলিয়াৰ ফেৱটেক প্ৰাইভেট লিমিটেডে৷”

উল্লেখ্য যে, ছয়গাওঁ নাট্য মন্দিৰ প্ৰাঙ্গনত কনক চন্দ্ৰ দাস আৰু মিৰ্জা মিলন সংঘত ছবীতা ঠাঁকুৰীয়াই চলাই থকা এই প্ৰশিক্ষণে শিপিনী সকলক ভৱিষ্যতে বেঙ্কৰ পৰাও ঋণ লাভ কৰাত সহায় কৰিব বুলি মন্তব্য আগবঢ়ায় সংগঠনটোৱে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close