অসমধুবুৰী

দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জত দুই বাইক চোৰ গ্ৰেপ্তাৰ, উদ্ধাৰ এখন বাইক

হাটশিঙিমাৰীৰপৰা কবিৰ মণ্ডল, প্ৰথম খবৰ: ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানা এলেকাৰ শালকাটা বজাৰত ফকীৰগঞ্জ আৰক্ষীয়ে এটা চুৰি বাইক সহ দুজন বাইক চোৰক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, উক্ত থানা এলেকাৰ নস্কৰা গাঁওৰ আব্দুল মজিদ শেখৰ ঘৰৰ পৰা যোৱা ২৬ মার্চ নিশা প্ৰায় ৭.৩০ বজাত এ এছ ১৭ এ ৭২২৭ নম্বৰৰ ডিস্কভাৰ বাইকখন চোৰে কৰি কৰি নিয়ে। ঘটনা সন্দৰ্ভত বাইকৰ গৰাকী জনে আৰক্ষীক অৱগত কৰে।

আনহাতে যোৱা কালি উক্ত বাইকখন লৈ দুগৰাকী চোৰ বাইকৰ লক ভাঙিবলৈ শালকাটা বাইক শ্বো’ ৰুমত আহে। ফকীৰগঞ্জ আৰক্ষীয়ে এই ঘটনা জানিব পাৰি লগে লগে শালকাটা বজাৰত উপস্থিত হৈ বাইক চোৰ দুজনক আটক কৰাৰ লগতে বাইক খন জব্দ কৰে। উক্ত থানা এলেকাৰ চলা শ্বেৰশো গাৱঁৰ নুৰ উদ্দীনৰ পুত্ৰ আব্দুল কালাম (১৫) আৰু মধু চলা গাঁৱৰ মজিবৰ ৰহমানৰ পুত্ৰ নূরুল জামাল (১৪) বুলি আৰক্ষীয়ে দুয়োৰ পৰিচয় লাভ কৰিছে। চোৰ দুটাক গ্ৰেপ্তাৰ কৰি আজি পুৱা ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে। আদালত দুয়োকে জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close