শেহতীয়া
Home / অসম / “দিক্ষুৱে মাৰি দিলে”-সীমান্ত শেখৰ

“দিক্ষুৱে মাৰি দিলে”-সীমান্ত শেখৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ বিৰুদ্ধে গীত চুৰিৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ অসমৰ সাংস্কৃতিক জগতৰ আন এজন কণ্ঠশিল্পী সীমান্ত শেখৰৰ। সীমান্ত শেখৰৰ ‘টাইগাৰ নহয় মই’ গীতটিৰ দুটি কলি চুৰ কৰাৰ অভিযোগ দিক্ষুৰ বিৰুদ্ধে।

ইতিমধ্যে সমগ্ৰ অসমতে চৰ্চা লাভ কৰা বিষয়টো সন্দৰ্ভত সীমান্ত শেখৰে ‘প্ৰথম খবৰ’ৰ সাংবাদিকৰ আগত উল্লেখ কৰে যে,”টাইগাৰ নহয় মই, শীৰ্ষক গীতটি ইতিমধ্যে অসমৰ শ্ৰোতাই আদৰি লৈছে। গীতটিৰ ভিডিঅ’ শ্বুটিঙৰ বাবে আমি সাজু হৈ উঠিছো। হঠাতে আজি দিক্ষুৱে ফেচবুক লাইভ যোগে নিজৰ গীত এটি মুকলি কৰাৰ সময়ত মই আচৰিত হ’লো। কাৰণ গীতটোৰ দুটা শাৰী মোৰ টাইগাৰ নহয় মই শীৰ্ষক গীতটিৰ সৈতে একে। দিক্ষুৰ পৰা মই এনেকুৱা কাণ্ড আশা কৰা নাছিলো। ইয়াৰ বাবে মই আইনী ব্যৱস্থা গ্ৰহণ কৰিম।”

উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত শিল্পী দিক্ষুৰ সৈতে যোগাযোগৰ চেষ্টা অব্যাহত ৰখা হৈছে যদিও বৰ্তমানলৈ দিক্ষুৱে ‘প্ৰথম খবৰ’ৰ ফোন গ্ৰহণ কৰা নাই। দিক্ষুৰ মতামত আমি পৰৱৰ্তী সময়ত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম।

অসমত বহাগ বিহুৰ পূৰ্বে গীত চুৰিৰ ঘটনা কোনো নতুন কথা নহয়। বিগত বৰ্ষত সীমান্ত শেখৰৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন কৰিছিল কণ্ঠশিল্পী,পৰিচালক মানস ৰবীনে। এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ’ল দিক্ষুৰ লগত। বহুতেই এই বিষয়টোক আগন্তুক ৰঙালী বিহুৰ পূৰ্বে জনপ্ৰিয়তা অৰ্জনৰ বাবে এটি সহজ পথ বুলি অভিযোগ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*