অসম

দিখৌমুখত ৰূপহী দুগ্ধ সমবায় সমিতিৰ অভিনৱ প্ৰয়াস, ত্ৰিশগৰাকী মহিলাক দুগ্ধজাত সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান

দিখৌমুখৰপৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ:গোপালক সকলক মধ্যভোগী দালালৰ কবলৰ পৰা আতৰাই উৎপাদিত দুগ্ধৰ উচিত মূল্য প্ৰদানৰ জৰিয়তে এক শ্বেত বিপ্লৱৰ সূচনা কৰাৰ উদ্দেশ্যলৈ শিৱসাগৰ জিলাৰ দিখৌমুখত বিগত ২০১৬ বৰ্ষত গঠন কৰা ৰূপহী দুগ্ধ সমবায় সমিতি লিমিটেডে শেহতীয়াকৈ দুগ্ধজাত সামগ্ৰী উৎপাদন তথা বিপনীৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰূপ কৰিছে৷ এইক্ষেত্ৰত সংশ্লিষ্ট সমবায় সমিতিখনৰ বিষয়-ববীয়াই এক অভিনৱ প্ৰয়াসেৰে শিৱসাগৰ জিলা কৃষি বিভাগৰ “আত্মা” আঁচনিৰ সহযোগত স্থানীয় ত্ৰিশগৰাকীকৈ মহিলাক লৈ ৮ মাৰ্চৰ পৰা দুগ্ধজাত সামগ্ৰী উৎপাদনৰ এক দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুস্থিত কৰে৷ অঞ্চলটোৰ উজনি ভৰলুৱা গাঁৱত অনুস্থিত এই প্ৰশিক্ষণ কাৰ্যসূচী আনুস্থানিকভাৱে উদ্বোধন কৰে শিৱসাগৰ জিলা কৃষি বিষয়া তথা জিলা কৃষি বিভাগৰ “আত্মা”ৰ প্ৰকল্প সঞ্চালক অৰূপ বৰঠাকুৰে৷ জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালক বিনোদ বৰগোঁহাই, “আত্মা”ৰ উপ প্ৰকল্প সঞ্চালক ড° সঞ্জীৱ কুমাৰ দত্ত, “আত্মা”ৰ গৌৰীসাগৰ খণ্ডৰ কাৰিকৰী পৰিচালক (বি টি এম) দেৱজ্যোতি বৰুৱাই আৰু নাজিৰা সুন্দৰপুখুৰী সমবায় সমিতিৰ উপদেষ্টা ডা° জগদীশ বৰ্মনে অংশগ্ৰহণ কৰা প্ৰশিক্ষণত অংশ লোৱা মহিলা প্ৰশিক্ষাৰ্থী সকলক অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দু্গ্ধজাত খাদ্য সামগ্ৰী যেনে পনীৰ আৰু ৰসগোল্লা, কালাকান, পেৰা, বৰফি আদি বিভিন্ন মিঠাই প্ৰস্তুতকৰণৰ ওপৰত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

উল্লেখ্য যে, সম্প্ৰতি গ্ৰামাঞ্চল সমূহৰ ৰাইজৰ মাজতো দুগ্ধজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে উদ্বেগজনকভাৱে দুগ্ধজাত সামগ্ৰীৰ যোগান ধৰা বিপনী সমূহে ভেজাল সামগ্ৰী যোগানেৰে দুগ্ধজাত সামগ্ৰীৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰি অহাটো সৰ্বজনবিদিত৷ এই দিশলৈ লক্ষ্য ৰাখিয়েই এফালে যোগ্যতা উন্নয়নৰ জড়িয়তে কৰ্মসংস্থাপন বৃদ্ধি আৰু আনফালে নিৰ্ভেজাল দুগ্ধজাত সামগ্ৰীৰ বিপনীৰ লক্ষ্য আগত ৰাখি ৰূপহী দুগ্ধ সমবায় সমিতি লিমিটেডে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুস্থিত কৰোৱা বুলি সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু সম্পাদক ক্ৰমে হেমন্ত বড়া আৰু জয়ন্ত দত্তই জানিবলৈ দিছে৷ পৰৱৰ্তী সময়ত মহিলা প্ৰশিক্ষাৰ্থী সকলক লৈয়ে পুণৰ দুগ্ধজাত লাচী, ক্ৰীম, দহি আদি সামগ্ৰী প্ৰস্তুতৰ এটি সপ্তাহজোৰা প্ৰশিক্ষণো ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়া “ৰূপহী”ৰ বিষয়-ববীয়া সকলে চলিত সপ্তাহৰ ভিতৰতে প্ৰশিক্ষণত ভালদৰে প্ৰশিক্ষিত কমেও দহ গৰাকী মহিলাক লৈ গ্ৰামাঞ্চল সমূহত দুগ্ধজাত সামগ্ৰীৰ বিপনী আৰম্ভ কৰিব বুলি জানিবলৈ দিছে৷ ৰূপহী দুগ্ধ সমবায়ে সম্প্ৰতি দৈনিক যোগান ধৰিবলৈ সক্ষম হোৱা প্ৰায় আঢ়ৈশৰ পৰা তিনিশ লিটাৰ পৰ্যন্ত গাখীৰ ক্ৰয় কৰি সহযোগিতা আগবঢ়াই অহা সুন্দৰ পুখুৰী দুগ্ধ সমবায় সমিতিৰ উপদেষ্টা ডা° জগদীশ বৰ্মনে “ৰূপহী” দুগ্ধজাত সামগ্ৰী প্ৰস্তুত আৰু বিপনীৰ নতুন পদক্ষেপকো সম্পূৰ্ণ সহযোগিতা আগবঢ়াৱ বুলি প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ এইক্ষেত্ৰত উপদেষ্টা বৰ্মনে আগন্তুক এটা মাহৰ ভিতৰত প্ৰশিক্ষাৰ্থী সকলৰ মাজত দুগ্ধজাত সামগ্ৰী প্ৰস্তুতৰ এখন প্ৰতিযোগিতা অনুস্থিত কৰাৰ কথাও প্ৰশিক্ষণ কাৰ্যসূচীত ঘোষণা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close