Home / অসম / দূৰ্নীতিৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে আপোচ কৰা নাই: ৰঞ্জিত দাস

দূৰ্নীতিৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে আপোচ কৰা নাই: ৰঞ্জিত দাস

প্ৰথম খবৰ, নলবাৰী: আজি নলবাৰী জিলাত বিজেপিৰ অন্তৰ্গত পূৱ নলবাৰী, বড়িগোগ বনভাগ আৰু নগৰ মণ্ডল বিজেপি সমিতিৰ উদ্যোগত নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গেৰুৱা দলটোৰ এখন বিশাল কাৰ্য্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়। জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সন্মিলনৰ আতঁ ধৰে জিলা সাধাৰণ সম্পাদক নিতুল ডেকাই। সভাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাস, স্থানীয় সাংসদ ৰমেন ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়া, প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন, জিলাৰ উপ সভাপতি অপূৰ্ব শৰ্মা, আৰতী বৈশ্য, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, পূৱ নলবাৰী মণ্ডলৰ সভাপতি জয়ৰাম বৰ্মন, বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি মৃদুল কলিতা আৰু নগৰ মণ্ডলৰ সভাপতি জয়ন্ত বেজবৰুৱা, যুৱ মৰ্চাৰ জিলা সভাপতি পংকজ ডেকা, যুৱ নেতা প্ৰণৱ কুমাৰ ডেকা, কিশোৰ কলিতা সহ বহু সংখ্যক ৰাজ্যিক তথা জিলা পৰ্যায়ৰ নেতা উপস্থিত থাকে।
সন্মিলনত ভাষণ ৰাখি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে, ৰাইজৰ বিপুল সমৰ্থনত নিৰ্বাচিত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত সম্প্ৰতি উন্নয়ণ-বিকাশেৰে পৰিবৰ্তনৰ গতি লৈছে অসমত। এই পৰিবৰ্তন অধিকভাৱে ৰাইজে লাভ কৰিবলৈ আকৌ এটা বছৰ ৰখিব লাগিব। কিন্তু এটা কথা ঠিক যে বিজেপিয়ে দিয়া নিৰ্বাচনি প্ৰতিশ্ৰুতিৰ অন্যতম দূৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰখনে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দূৰ্নীতিৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই। যাৰ বাবে দুৰ্নীতিত লিপ্ত হোৱা সকলে সাৰি যাব পৰা নাই আৰু জেলৰ ভাত খাব লগা হৈছে। তেওঁ পঞ্চায়ত নিৰ্বাচন সমাগত বুলি কৈ এই নিৰ্বাচন গুৰুত্বপূৰ্ণ বুলি দোহাৰে। পঞ্চায়ত মানে স্থানীয় চৰকাৰ আৰু এই চৰকাৰ যাতে দুৰ্নীতিমুক্ত কৰি ৰাইজৰ উন্নয়ণ সঠিক ৰূপত দাঙি ধৰিব পৰা যায় তাৰবাবে এইবাৰ নলবাৰীৰ ৰাইজে বিজেপিক সম্পূৰ্ণ সমৰ্থন আগবঢ়াওক। ভাষণ প্ৰসংগত বিধায়ক অশোক শৰ্মা, জিলা বিজেপিৰ সভাপতি আৰু তিনি মণ্ডলৰ সভাপতি তথা নলবাৰী সমষ্টিৰ বুথ সভাপতি সকলৰ কাম কাজৰ শলাগ লয় আৰু এইসকলৰ নেতৃত্বতহে একোজন বিধায়ক নিৰ্বাচিত হৈছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনতো ভাল ফল লাভ কৰিব বুলি দোহাৰে গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতি দাসে। সন্মিলনত ভাষণ ৰাখি সাংসদ ৰমেন ডেকাই কয় যে ভাৰতবৰ্ষত মোডী নেতৃত্বাধীন চৰকাৰ অহাৰ পিছত আমাৰ দেশ তথা ৰাজ্য সমূহৰ আমূল পৰিৱৰ্তন হৈছে বুলি মন্তব্য কৰে। সন্মিলনত ভাষণ দি বিধায়ক অশোক শৰ্মাই কয় যে আজি নলবাৰী সমষ্টিত এক জাগৰণ আহিছে। সেয়া উন্নয়ণ-বিকাশৰ প্ৰতিটো বিভাগৰ জৰিয়তে তথা পঞ্চায়ত সমূহৰ দ্বাৰাই এয়া সম্ভৱ কৰি তোলা হৈছে। বিধায়ক শৰ্মাই আৰু কয় যে বিগত দিনত কংগ্ৰেছ দলৰ চৰকাৰে নলবাৰী সমষ্টিৰ লগতে সমগ্ৰ অসমতে কোনো বিশেষ উন্নয়ণ কৰিব নোৱাৰিলে। তেওঁ কয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপে অসম চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলক এতিয়া যথেষ্ট সুবিধা প্ৰদান কৰিছে। যিটো কাম কংগ্ৰেছ চৰকাৰকে বিগত সময়ত কৰিব পৰা নাছিল। ইয়াতকৈ আৰু কি ডাঙৰ উদাহৰণ হ’ব লাগে। কিয়নো শিক্ষাই সকলো ক্ষেত্ৰতে পোহৰ বিলাই বুলি দোহাৰে। আদিতে বিজেপিৰ ৰাজ্যিক সভাপতি দাসক জিন্দাবাদ ধ্বনি তথা পুষ্প মাল্যাৰ্পনেৰে মঞ্চ লৈ আদৰি আনে দলীয় কৰ্মী সকলে। সন্মিলনৰ শেষত জিলা বিজেপিৰ অন্যতম সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*