সভা-সমিতি

দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সপ্তদশ বাৰ্ষিক বালিপোতা অধিৱেশনৰ সামৰণি

প্ৰথম খৱৰ, দেওমৰনৈ: সদৌ দৰং জিলাৰ অন্যতম শক্তিশালি আঞ্চলিক হিচাপে কাম কৰি থকা দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সপ্তদশ বাৰ্ষিক অধিৱেশনখন বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়।ধনমনি শইকীয়াক সভাপতি, জয়ন্ত ৰাজবংশী আৰু ভৱানন্দ ডেকাক উপসভাপতি, অজয় ডেকাক মুখ্য সম্পাদক, নিখিল শৰ্মা আৰু কংকণ নাথক যুটীয়া সম্পাদক হিচাপে অভ্যৰ্থনা সমিতিখন গঠন কৰি ৩০ তাৰিখৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনৰ আজি ৩১ তাৰিখে ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন, ৮-৩০ বজাত শ্বহীদ তৰ্পণ, ৯ বজাত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ১০ বজাত প্ৰতিনিধি আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয়।

দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিদায়ী সভাপতি নিৰঞ্জন শইকীয়াই সভাপতিত্ব কৰা সভাখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক অৰূপ কলিতাই। প্ৰতিনিধি সভাখনত পৰ্য্যবেশক হিচাবে উপস্থিত থাকে মঙ্গলদৈ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি পৰেশ ডেকা সম্পাদক দিলিপ ডেকা, সদৌ দৰং জিলা ছাত্র সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা কাৰ্যালয় সম্পাদক সত্যৰঞ্জন ডেকাই। ২ বজাত অনুষ্ঠিত হয় মুকলি সভা। নিৰঞ্জন শইকীয়াই সভাপতিত্ব কৰা সভাখন উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ নেতা ক্ষিতীন্দ্ৰ কুমাৰ শৰ্মাই। সভাখনত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, মুখ্য অতিথি হিচাবে উপস্থিত থাকে দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মতিৰাম শইকীয়া, সন্মানীয় অতিথি হিচাপে বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেশ্বৰ ডেকা, সহ প্ৰধান শিক্ষক অমৃত চন্দ্ৰ ডেকা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ চহৰীয়া, কলাইগাঁও শিক্ষাখণ্ডৰ গাননিক পাৰ্থজিৎ কুমাৰ আৰু চাহাবুদ্দিন আহমেদে। যুৱনেতা নিখিল শৰ্মাক সভাপতি, জোনজ্যোতি ডেকাক উপ-সভাপতি আৰু আৰু অপূৰ্ব শৰ্মাক সম্পাদক হিচাপে লৈ ৪১ জনীয়া নতুন আঞ্চলিক সমিতিখন গঠন কৰে বিষয় বাচনি সভাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close