অসমনলবাৰী

দৌলাশালত মৌ-মাখিৰ আক্ৰমণত গুৰুতৰভাৱে আহত বৃদ্ধ

প্ৰথম খবৰ, চেঙা: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত আজি এজন বৃদ্ধক মৌ-মাখিয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। বৃদ্ধজন সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বামুনীকুৰৰ ৰহিজ আলী (৭০) বুলি জানিব পৰা গৈছে।
মৌ-মাখিয়ে আক্ৰমণ কৰাৰ পিছত দৌলাশালৰ স্থানীয় ৰাইজে বৃদ্ধজনক শুশ্ৰূষা কৰি পঠাই দিয়ে যদিও বৃদ্ধজন বিষত থাকিব নোৱাৰি দৌলাশাল চক বজাৰত বাগৰি পৰে। পিছত এজন যুৱকে বৃদ্ধজনক দৌলাশাল মেডিকেলত ভৰ্তি কৰায় চিকিৎসা প্ৰদান কৰে। সম্প্ৰতি বৃদ্ধজন সংকটজনক অৱস্থাত থকা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈছে।

Related Articles

Leave a Reply

Close