অসম

দৰং জিলাৰ ঔতলা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আৰু ঔতলা শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতি গঠন

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা ঔতলা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনখনি দৰং জিলাৰ নেওগপাৰাৰ বি. ডি. এন. কে. পি. সাংস্কৃতিক গোষ্ঠিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অহা ২৩ আৰু ২৪ মাৰ্চ ২০১৮ তাৰিখে বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে অনুস্থিত কৰিবলৈ আয়োজন কৰিছে। উক্ত অধিৱেশনত বিশেষভাৱে আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমান্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, উপসভাপতি ড০ হেমন্ত বৰুৱা, মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, কলাইগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, বিটিচিৰ মুদৈবড়ী সমষ্টিৰ ই. এম. জগদীশ সৰকাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি অাদৰণি সমিতিৰ প্ৰধান সম্পাদক চাদ্দাম হুছেইন আৰু ঔতলা শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক চাহাবুদ্দিনে জানিব দিয়ে। লগতে ঔতলা শাখা সাহিত্য সভা খনিৰ নতুন সমিতি গঠন কৰে সভাপতি ধৰ্মকান্ত বৰুৱা, উপসভাপতি ক্ষীতেশ্বৰ ডেকা, মঃ ইক্ৰামুল মজিদ, সম্পাদক চাহাবুদ্দিন আহমেদ, সহকাৰী সম্পাদক নৱ চহৰীয়া আৰু ৰুনু বড়োক লৈ এখনি শক্তিশালী সমিতি গঠন কৰে। উক্ত অনুস্থানত বিশেষভাৱে সম্বৰ্ধনা জনাব &TV the Voice India Kids ৰ চুড়ান্ত বিজয়ী সন্মান লাভ কৰা দৰঙৰ সন্তান মানসী চহৰীয়াক। অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close