অসম

দৰঙত গুনোৎসৱত আন্তঃগাঁঠনি নোহোৱা বিদ্যালয়ৰ সাফল্য

প্ৰথম খবৰ,মঙ্গলদৈ/দেওমৰনৈ:ছিপাঝাৰ শিক্ষাখণ্ডৰ দগীয়াপাৰা বান্দৰীঝাৰ প্ৰাথমিক বিদ্যালয়ে ৩য় পৰ্যায়ৰ গুনোৎসৱৰ ফলাফলত A+ সহ ৯৯.৪৩ নং লাভ কৰাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিদ্যালয় খনত ৭ গৰাকী ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে নাই কোনো আন্তঃগাঁথনি। ২য় শ্ৰেণী ত ২ জন ৪ৰ্থ শ্ৰেণী ত ৫ জন ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে ৩য় আৰু পঞ্চম শ্ৰেণীত নাই কোনো ছাত্ৰ ছাত্ৰী। এনে ধৰণৰ বিদ্যালয়ে কেনেকৈনো পালে A+ ইয়াকে লৈ এতিয়া প্ৰশ্ন এতিয়া সৰ্বত্ৰ। বিভাগীয় ভাবে নিযুক্তি দিয়া পৰ্যবেক্ষকক সন্তুষ্ট কৰি শীৰ্ষ স্থান লাভ কৰা বুলিও অভিযোগ উত্থাপন হৈছে । যি সমূহ বিদ্যালয়ে পৰ্যবেক্ষকক শৰাই গামোচা ৰে উপচাই দিব পৰা নাই সেই সমূহ বিদ্যালয় শীৰ্ষ স্থানৰ পৰা বঞ্চিত হোৱা বুলি মত প্ৰকাশ কৰিছে একাংশ সচেতন লোকে । বিদ্যালয় খনৰ চৌহদৰ বেৰ, মজিয়া পকীকৰণ,খোৱা পানীৰ সুবিধা, বিজুলীবাতি ৰ ব্যৱস্থা আদি কোনো সুবিধা নথকাৰ পিছতো ছিপাঝাৰ শিক্ষা খণ্ডৰ ভিতৰত লাভ কৰিলে সৰ্বোচ্চ নম্বৰ । শিক্ষা বিভাগৰ এনে আজব কাণ্ডই এতিয়া জোকাৰি গৈছে ছিপাঝাৰ অঞ্চল । তাৎপৰ্য পূৰ্ণ বিষয় যে ছিপাঝাৰ শিক্ষা খণ্ডৰে বহু ছাত্ৰ ছাত্ৰীৰে ভৰি থকা আন্তঃগাঁঠনি সহ সকলো সুবিধা থকা বিদ্যালয়ো লাভ নকৰিলে শীৰ্ষ স্থান । এনেকুৱা নিম্ন মানৰ বিদ্যালয়ে শীৰ্ষ স্থান লাভ কৰাত বাকী বোৰ মানদণ্ড থকা বিদ্যালয়ে লজ্জা অনুভব কৰিছে।

Related Articles

Leave a Reply

Close