অসম

দৰঙৰ ছিপাঝাৰত গুণোৎসৱৰ ফলাফলাক লৈ উৎসৱ মূখৰ পৰিবেশ

দেওমৰনৈৰপৰা,নিৰঞ্জন শইকীয়া: তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফলত ছিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মহলীয়াপাৰা প্ৰাথমিক বিদ্যালয়ে উন্নত ফলাফল লাভ কৰাত নাচে গানে আনন্দ ত আত্মহাৰা হৈ পৰে শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলো। উল্লেখ্য যে গুণোৎসৱৰ ফলাফল অনুসৰি মহলীয়াপাৰা প্ৰাথমিক বিদ্যালয়ে দৰং জিলাৰ ভিতৰত ২য় স্থান,ছিপাঝাৰ শিক্ষা খণ্ডৰ ভিতৰত ২য় স্থান আৰু সমল কেন্দ্ৰ ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি ৯৮’৪৭ নম্বৰ সহ A+ গ্ৰেড লাভ কৰে। প্ৰায় ৭০ গৰাকী ছাত্ৰ ছাত্ৰী থকা এই বিদ্যালয় খনত আজি এক সভায়ো অনুস্থিত হয়। সভাত উপস্থিত থাকে ছিপাঝাৰৰ আছাম টকছৰ সাংবাদিক দুলাল হাজৰিকা। সভাৰ পিছতে সকলো মিলি সন্তোষ প্ৰকাশ কৰি বিহু গানেৰে সমগ্ৰ পৰিবেশ ৰজনজনাই তোলাৰ লগতে আনন্দ উল্লাস কৰে। হীৰক জয়ন্তী বৰ্ষ গৰকা এই বিদ্যালয়খনে এনে ফলাফল লাভ কৰাত স্থানীয় ৰাইজেও আনন্দ প্ৰকাশ কৰি শিক্ষা বিভাগৰ এনে প্ৰচেষ্টাক স্বাগতম জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close