অসম

দৰঙৰ দেওমৰনৈত প্ৰৱল ধমুহা শিলাবৃষ্টি

প্ৰথম খবৰ,দেওমৰনৈ:দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ অঞ্চলত প্ৰবল ধুমুহা ও শিলাবৃষ্টি। লোজোৰা গাঁৱত দুকুৰিতকৈ অধিক লোক গৃহহীন হয়। ব্ৰয়লাৰ ফাৰ্ম,মন্দিৰ আদিয়ো তচনচ কৰিলে ধুমুহাই। ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি,কথমপি প্ৰাণ ৰক্ষা পৰিলএহাল দম্পতীৰ।

ছিপাঝাৰৰ দেওমৰনৈৰ লোজোৰা গাঁৱত যোৱা নিশা হোৱা প্ৰবল ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বহু বাস গৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু কেইঘৰ মানুহ গৃহহাৰা হয়। ধুমুহাই মন্দিৰ,ব্ৰয়লাৰ ফাৰ্ম ,গছ-গছনি আদি সকলো তচনচ কৰি পেলায়। প্ৰচন্দ ধুমুহাৰ ফলত গৃহহাৰা হোৱা লোকসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে শিলাবৃষ্টিৰ ফলত পথাৰৰ শষ্যসমূহৰো বিস্তৰ ক্ষতি হয়। ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ লোকসকলক চৰকাৰী সাহাৰ্য প্ৰদান কৰিবলৈ দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দেওমৰনৈ আঞ্চলিক সমিতিয়ে দাবী জনাইছে।

Related Articles

Leave a Reply

Close