অসম

দৰঙৰ দেওমৰনৈত মাতৃৰ বিয়োগৰ পিছতো দিবলৈ আহিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়নৰত কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত গৰিয়াপাৰা (বালিপোতা) গাঁওৰ নিবাসী ধনমনি নাথৰ মাতৃ জয়ন্তী নাথে যোৱা ৮ মাৰ্চ তাৰিখে নিয়তিৰ ওচৰত হাৰমানি ইহসংসাৰৰ পৰা চিৰ দিনৰ কাৰণে মেলানি মাগে। পুত্ৰ ধনমনি নাথৰ সেই কেইটা দিনত আৰম্ভণি হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। মাতৃক চিতাত তুলি গাত বগা কাপোৰ মেৰিয়াই পুত্ৰ ই দিবলৈ আহে পৰীক্ষা। দুচকুত হাজাৰটা সপোন লৈ তীব্ৰ মানসিক চাপ হেচাত, মাতৃ হেৰুৱা বেদনা বুকুত বান্ধি নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰি, উচুপি উচুপি পৰীক্ষা দিবলৈ আহে মেধাৱী ছাত্ৰজনে। মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰজনক সুকীয়া কৈ এটা কোঠালিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা কৰি দিয়ে।

ধনমনি নাথৰ এই মৰ্মান্তিক দৃশ্যত মহাবিদ্যালয়খনত এক শোকৰ ছাঁ বিৰাজ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close