অসমবিনোদন

দৰঙৰ মংগলদৈ চপাইত অসমীয়া চলচ্চিত্ৰ ‘বাহী’ৰ শুভ মহুৰত

প্ৰথম খবৰ,মংগলদৈ /দেওমৰনৈ:দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পাৰ্শ্বৱতী চপাই যুৱ কল্যাণ কেন্দ্ৰৰ প্ৰাংগনত ২১ মাৰ্চ তাৰিখে সুৰভী এন্টাৰপ্ৰাইজ প্ৰযোজিত অসমীয়া পূৰ্নদৈৰ্ঘৰ চলচ্চিত্ৰ ‘বাহী’ৰ শুভ মহুৰত সম্পূৰ্ণ হয়। সাহিত্যিক মনিকুন্তলা ভট্টাচাৰ্য্যৰ ‘বাহী’ উপন্যাসখনৰ কাহিনীৰে নিৰ্মাণ হ’বলগীয়া এই চলচ্চিত্ৰ খনৰ মহুৰত অনুষ্ঠানত সহযোগী প্ৰয়োজক ৰীতা বৰাই বন্তি প্রজ্বলন কৰে। আনহাতে মঙ্গলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে কেমেৰাত মাল্যাৰ্পন কৰাৰ লগতে দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে কেমেৰাৰ অন কৰে। আয়তীৰ উৰুলিৰ মাজত প্ৰবীণ অভিনেতা অলক নাথে নাৰিকল ভঙাৰ পিছতেই আৰক্ষী বিষয়া ডঃ শ্যামল প্ৰসাদ শইকীয়াই ক্লেপষ্টিক দিয়াৰ লগে লগে চলচ্চিত্ৰ খনৰ নায়ক নায়িকা বিকী আৰু বৰষা ৰানী বিষয়াই মহুৰত দৃশ্যত অভিনয় কৰে। মঙ্গলদৈ চহৰ আৰু ইয়াৰ আশে-পাশে থকা মনোৰম লোকেশ্বনত পূৰ্ন গতিত দৃশ্য গ্ৰহণ চলি থকা চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালক হীৰেণ বৰা। কাৰ্যবাহী প্ৰযোজক সুৰভী বৰা। প্ৰবীণ অভিনেতা অলক নাথ,পৰেশ গোস্বামী,মালা ডেকা,মহেন্দ্র ডেকা,প্ৰনামী বৰা, পল্লবী কলিতা,ডঃ শ্যামল প্ৰসাদ শইকীয়া,মিতালী বৰুৱা,ৰীতা বৰা,ভাৰতী কলিতা,ৰিতুপৰ্ণা শিৱম,ৰীনা বৰা ভৰালী,শিশু শিল্পী নিচ্ছলে অভিনয় কৰা এই চলচ্চিত্ৰখনত কেমেৰাত বিবেক বেনাজী, শ্যামল চক্ৰৱতী,মেকআপত প্ৰশান্ত বৰা,কষ্টিউম ডিজাইনাৰ জুৰি শৰ্মা, মুখ্য সহকাৰী পৰিচালক মলয় ৰয়, কলা নিৰ্দেশনাত জয় প্ৰকাশ, সহকাৰী পৰিচালক মৃনাল ৰাজবংশী, প্ৰযোজনা নিয়ন্ত্রক মহেন্দ্র ডেকা আৰু দ্বীপেন ডেকা। আজিৰ এই অনুষ্টানত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীৰ লগতে বিশিষ্ট কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close