অসমবিনোদনশীৰ্ষ

ধৰ্ষণৰ প্ৰতিবাদত সমদল অসম শিল্পী সমাজৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:অতীজৰেপৰা ধৰ্ষণৰ সন্মুখীন হৈ আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাৰীসকল। বিভিন্ন ক্ষেত্ৰত ধৰ্ষণ তথা নাৰী নিৰ্যাতনক লৈ প্ৰতিবাদ হৈ আহিছে কিন্তু এই ঘটনা কমিবলৈ এৰি বাঢ়িছে। নগাঁৱৰ বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ পিছত যেন সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে, সঁচাকৈয়ে এক কঠোৰ আইনৰ প্ৰয়োজন তথা অপৰাধীৰ শাস্তি মৃত্যুদণ্ড হ’ব লাগে। ইয়াকে লৈ আজি মহানগৰীৰ চান্দমাৰীৰপৰা গণেশগুৰিলৈ এক প্ৰতিবাদী সমদল উলিয়ায় অসমৰ শিল্পী সমাজে। এই প্ৰতিবাদী সমদলত অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া,আইমী বৰুৱা তথা মঞ্জুলা বৰুৱাকে আদি কৰি বহুকেইজন শিল্পী উপস্থিত থাকে এই প্ৰতিবাদী সমদলত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close