কবিতাবিনোদনমহিলা

ধৰ্ষিতাৰ যন্ত্ৰণা

মাচুদ হক মিল্টন:

মোৰ পিন্ধনত যেন ফুটি উঠে নগ্নতাৰ সুবাস,
মোৰ শৰীৰত যেন ষ্টাম্প মৰা আছে যৌনতাৰ ঠিকনাটি।

চঞ্চল মনৰ ভণ্ডই বিচাৰি আহে দূৰৰে পৰা,
হেনো আছে অমৃত, মাথোঁ এবাৰ পাণ কৰোৱা।

এখোজ দুখোজকে কাষ চাপে,
এজন-দুজনকৈ জঁপিয়াই পৰে,
সমস্ত শৰীৰৰ কাপোৰ ফাটে,
মোৰ চিৎকাৰে আকাশ পাতাল কঁপাই তোলে,
ঈশ্বৰেও চাই থাকে, কিভাৱে মোৰ দেহ লুটে।

মোৰ ৰঙা তেজৰ চেকুৰাত সিহঁতৰ বিজয় উল্লাস,
মোৰ অশ্ৰু বন্যাত কিয় বাৰু সিহঁত নিভিজে।
মুহূৰ্ততে চিৰ বৈৰাগীৰ মোহৰ পৰে,
ধৰ্ষণ মোৰ আশীৰ্বাদ, লোকাৰণ্যত হৈ পৰো অভিশাপ।

খুব শুনিলি লোকৰ মুখত,
এবাৰ চাইযাহি অ’ মোৰ বন্ধুহত,
কিভাবে মোৰ দেহ লুটে,
কিভাবে মোক ধৰ্ষণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close