শেহতীয়া
Home / অসম / নগাঁৱৰ চমুৱাগাঁৱত ওলাল প্লাষ্টিকৰ আটা

নগাঁৱৰ চমুৱাগাঁৱত ওলাল প্লাষ্টিকৰ আটা

প্ৰথম খৱৰ,জাজৰি: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্লাষ্টিকৰ কণী, চাউল উদ্ধাৰ হোৱাৰ পিছত এইবাৰ নগাঁৱৰ চমুৱাগাঁৱত ওলাইছে প্লাষ্টিকৰ আটা। এই আটাগুড়িত পানী মিহলাই সনাৰ পিছত অগ্নিসংযোগ কৰিলে প্লাষ্টিকৰ অন্য সামগ্ৰী জ্বলাৰ দৰে জ্বলি উঠে। কেৱল জ্বলাই নহয় চুইংগামৰ দৰে টানি থাকিলে দীঘল হৈ গৈ থাকে এইবিধ আটাৰ লাডু। নগাঁৱৰ বজাৰত এতিয়া তেনেই সুলভ এই আটাবিধ। মংগলবাৰে পুৱা নগাঁৱৰ চমুৱাগাঁৱৰ এঘৰত এই প্লাষ্টিকৰ আটা ওলোৱাক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই।

প্ৰাপ্ত তথ্য মতে, চমুৱাগাঁও চাৰিআলি নিবাসী ললিত বৰাৰ পত্নী সীমাৰেখা ভড়ালী বৰাই সোমবাৰে সন্ধিয়া জামুগুৰিৰ এখন পাইকাৰী দোকানৰ পৰা ২ কে.জি ‘জ্যোতি’ বেণ্ডৰ আটা ক্ৰয় কৰি অনাৰ পিছত মংগলবাৰে পুৱা আটাখিনিত পানী ঢালি লাডু বনোৱাৰ লগে লগে আলকতৰা সদৃশ হৈ পৰে। আনকি, এই লাডুটোত জুই লগাই দিয়াৰ পিছত প্লাষ্টিকৰ সামগ্ৰীৰ জ্বলি চৌদিশ দুৰ্গন্ধময় হৈ পৰে বুলি জানিবলৈ দিয়ে গৃহিণী সীমাৰেখা ভড়ালী বৰাই। এই সন্দৰ্ভত গৃহিণীগৰাকীয়ে স্থানীয় ৰাইজক জনোৱাত বহুলোক তেওঁৰ বাসগৃহত উপস্থিত হৈ আটাখিনী পৰীক্ষা কৰোতে কিছু প্লাষ্টিক জাতীয় পদাৰ্থ প্ৰত্যক্ষ কৰে।আটাগুড়িত কোনো দুষ্ট চক্ৰই বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলাই বজাৰত মেলি দিয়া বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। আনহাতে, কুম্ভকৰ্ণ নিদ্ৰাত থকা চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*