অসমগুৱাহাটী

নগৰবেৰাৰ বিদ্যানগৰ-গাগলমাৰীত কৃষকৰ মাজত হাহাকাৰ

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ:কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিদ্যানগৰত শ শ কৃষকে পানীৰ বাবে হাহাকাৰ কৰিছে। পানীৰ অভাৱত বিঘাই বিঘা ইৰি ধান খেতি পথাৰত চিৰাল ফাট মেলিছে। বৃহত্তৰ অঞ্চলটোৰ শ শ কৃষকে চৰা দামত সাৰ তেল কিনি খেতি কৰা ইৰি আৰু বৰো ধান খেতিৰ অৱস্থা অতি পুতৌ জনক।

জানিবপৰা মতে, বিগত ১০ দিনে পথাৰত পানী দিব নোৱাৰাৰ বাবেই এনেদৰে চিৰাল ফাট মেলিছে ধাননি পথাৰত। এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মূখ্যত কাৰণ হৈছে বিদ্যানগৰ অঞ্চলত প্ৰায় ১০ দিন ধৰি বিকল হৈ আছে বিদ্যানগৰত থকা বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰ। অঞ্চলটোৰ একমাত্ৰ ট্ৰেন্সফৰ্মাৰটো বিকল হৈ থকাত কৃষকে খেতি পথাৰত যোগান ধৰিব পৰা নাই পানী। বিদ্যুৎ বিভাগৰ লোকক বহুতো কাকূতি মিনতি কৰিও সুফল পোৱা নাই কৃষক সকলে। একেই অৱস্থা নগৰবেৰাৰ গাগলমাৰী গাঁওতো। ১৫ দিন ধৰি গাঁওখনত থকা ট্ৰেন্সফৰ্মাৰটো বিকল হৈ আছে।বিদ্যুৎ বিভাগক জনোৱা সত্বেও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।বিদ্যুৎ যোগান নথকাৰ বাবে কেৱল খেতি পথাৰৰে অনিষ্ট হোৱা নাই, শিক্ষাৰ্থী, এন আৰ চি ৰ কামতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই নগৰবেৰাৰ বিদ্যানগৰ আৰু গাগলমাৰী অঞ্চলত নষ্ট হ’ব ধৰিছে শ শ বিঘা ধানখেতি। উপায়ন্তৰ হৈ একাংশ কৃষকে আজি এটি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। অতি শীঘ্ৰে বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোত বিদ্যুৎ যোগান ধৰিবলৈ ৰাইজে কৃষি মন্ত্ৰী অতুল বৰা, সংশ্লিষ্ট বিদ্যুৎ বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে। অন্যথাই কৃষক সকলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close