অসমনগাঁওসভা-সমিতি

ননৈ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অন্তৰংগ অনুষ্ঠান

প্ৰথম খবৰ, ননৈ: নগাওঁ জিলাৰ ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত দেওবাৰে আয়োজন কৰা হয় এক অন্তৰংগ অনুষ্ঠানৰ৷ এই অনুষ্ঠানতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰবীন্দ্ৰ অধ্যাপক ড: উমেশ ডেকাৰ জন্মদিনো পালন কৰে বিভাগটোৰ শিক্ষাৰ্থী তথা অধ্যাপক-অধ্যাপিকাসকলে৷ মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰীতা শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত অন্তৰংগ অনুষ্ঠানটোত শিক্ষাৰ্থীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানতো অংশ লয়৷ অধ্যাপক বসন্ত বৰাই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সমবেত কণ্ঠৰ গীতেৰে আৰম্ভ কৰা হয় অনুষ্ঠানটোৰ৷ এই অনুষ্ঠানত অংশ লোৱা গৱেষক সকলে ৰাজ্যত বিদ্যায়তনিক গৱেষণাৰ ক্ষেত্ৰত ড: উমেশ ডেকাৰ উদ্যোগ আৰু অৰিহণা বিশেষভাৱে উল্লেখনীয় হৈ ৰ’ব বুলি অনুষ্ঠানটোত মত ব্যক্ত কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close