শেহতীয়া
Home / সভা-সমিতি / নলবাৰীত আশা কৰ্মীৰ সন্মিলন সম্পন্ন

নলবাৰীত আশা কৰ্মীৰ সন্মিলন সম্পন্ন

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ কৰ্মৰত আশা কৰ্মী আৰু আশা চুপাইৰভাইজাৰ সকলৰ তৃতীয় জিলা সন্মিলনখন আজি দিনযোৰা কাৰ্যসূচীৰে নলবাৰী নাট্য মন্দিৰত হৈ যায়। সন্মিলনত জিলাখনৰ ৭৪২ গৰাকী আশা কৰ্মী আৰু ৬১ গৰাকী চুপাৰভাইজাৰে উপস্থিত থাকে।
পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে উদ্বোধন কৰে। উদ্বোধনী ভাষণত উপায়ুক্ত দাসে কয় যে, গ্ৰামাঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আশা কৰ্মীয়ে সজাগতা অনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। তেওঁ আশা কৰ্মী সকলক চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণক সঠিকভাৱে অৱগত কৰিবলৈ আহ্বান জনাই। তদুপৰি চুপাইৰভাইজাৰ সকলেও নিজৰ দায়িত্ব পালন কৰাত অৱহেলা নকৰিবলৈও উপায়ুক্ত গৰাকীয়ে ভাষণত দোহাৰে।

অনুষ্ঠানত নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ ভাষণত কয় যে, আশা কৰ্মী সকলৰ বাবে জিলাখনত নৱজাতকৰ আশাজনকভাৱে হ্ৰাস পাইছে। ইফালে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চিত্তৰঞ্জন পাঠকে ভাষনত কয় যে, আশা কৰ্মী সকলে নিজৰ পৰিয়ালৰ অভাৱ অভিযোগৰ কথা আওকাণ কৰিও সমাজ তথা দহৰ উন্নয়নৰ হকে নিষ্ঠাৰে কাম কৰি গৈছে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা আশা কৰ্মী সকলে গীত মাত পৰিবেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*