অসম

নলবাৰীত এন এচ ইউ আইৰ ধৰ্ষণ কাৰ্যৰ প্ৰতিবাদ

প্ৰথম খবৰ, নলবাৰী: সোমবাৰে কংগ্ৰেছ দলৰ ভাতৃ সংগঠন এন এচ ইউ আইৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী চহৰৰ বিভিন্ন প্ৰান্তত ধৰ্ষণৰ বিৰুদ্ধে এক গণ স্বাক্ষৰ অভিযান চলাই। এন এচ ইউ আইৰ জিলা সভাপতি ৰাহুল চৌধুৰী, সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক মিঠু আহমেদৰ নেতৃত্বত ৰূপায়ণ কৰা কাৰ্যসূচীত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, জিলা মুখপাত্ৰ দিব্যজৌতি হালৈ, যুৱ নেতা উদ্দিপন পাটোৱাৰী সহ বহু সংখ্যক এন এচ ইউ আইৰ নেতা কৰ্মী উপস্থিত আছিল।

অনুষ্ঠানত নিজৰ অভিমত প্ৰকাশ কৰি জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে কয় যে, নাৰীৰ ওপৰত ধৰ্ষণৰ দৰে যি নিৰ্যাতন চলিছে এয়া এক ঘৃণণীয় কাৰ্য আৰু এই সন্দৰ্ভত চৰকাৰে শীঘ্ৰে ব্যৱস্থা ল’ব লাগে। কিন্তু ধৰ্ষণ কাৰ্যক ধৰ্মৰ নামত যাতে কোনো পদক্ষেপ লোৱা নহয় তাৰ বাবে আহবান জনাই চৰকাৰক। অনুষ্ঠানত মহিলা নেত্ৰী পাপৰি মালাকৰে কয় যে, নাৰী নিৰ্যাতন অবাধ গতিত চলিছে ৰাজ্যৰ চৌদিশে‌ কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ সক্ষম হোৱা নাই বুলি দোহাৰে।

Related Articles

Leave a Reply

Close