সভা-সমিতিসাহিত্য

নলবাৰীত কাইলৈৰ পৰা ব্ৰহ্মপুত্ৰ অধ্যয়ন উৎসৱ, চিফুং প্ৰেৰণা বঁটা প্ৰদান অনুষ্ঠান

প্ৰথম খবৰ, নলবাৰী: অধ্যয়নকেন্দ্ৰিক জ্ঞানৰ শক্তিৰে তৰুণ প্ৰজন্মক উজ্জীৱিত আৰু শক্তিশালী কৰি তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধন কৰা তথা তেওঁলোকৰ জীৱন হতাশাৰ পৰিবৰ্তে আশাবাদৰ উজ্জ্বল পোহৰেৰে আলোকিত কৰাৰ উদ্দেশ্য নলবাৰীৰ পোৰাকুছিত অহা ২৫ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ব্ৰহ্মপুত্ৰ অধ্যয়ন উৎসৱ। “চিফুং দ্যা আৰ্টিষ্ট”ৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে উদযাপিত হ’ব এই উৎসৱ। এই অনুষ্ঠানৰ পৰামৰ্শদাতা আৰু সমল ব্যক্তি হিচাপে আছে দেশ বিদেশৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

চিফুং কলাকেন্দ্ৰত প্ৰথম দিনা দিনৰ এঘাৰ বজাত ব্ৰহ্মপুত্ৰ অধ্যয়ন ক্ষেত্ৰৰ দ্বাৰ মুকলি কৰিব নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া জিতু বৰ্মনে। তাৰ পিচতে পঢ়ুৱৈ শিশু চেমনীয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় সংগীত পৰিবেশন আৰু “গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা ” শীৰ্ষক বক্তৃতানুষ্ঠান। বক্তৃতা প্ৰদান কৰিব ড° অমৰ কুমাৰ নায়ক আৰু ড° ৰঞ্জনা ভট্টাচাৰ্যই। দুপৰীয়া বাৰ বজাত আনন্দৰাম দাস, ক্ষীৰোদা দাস সোঁৱৰণী চিফুং প্ৰেৰণা বঁটা প্ৰদান অনুষ্ঠান।

২০১৮ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব শিশু লিখক মাধুৰ্যলগন শৰ্মাক। অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকিব অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা।তাৰ পিচত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। অনুষ্ঠানত গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ সহকাৰী সঞ্চালক তথা জনপ্ৰিয় লেখক উৎপল দত্ত উপস্থিত থাকিব। সন্ধিয়া গল্প-উপন্যাসৰ বিষয়ে নিৰ্মিত চলচ্চিত্ৰ প্ৰদৰ্শন। চিফুং কলাকেন্দ্ৰৰ সঞ্চালক পৰী শৰণীয়াই জনোৱামতে অধ্যয়ন উৎসৱৰ তিনিওদিনতে প্ৰাকৃতিক পৰিবেশ, চাংঘৰত ইচ্ছুক পঢ়ুৱৈয়ে গ্ৰন্থ অধ্যয়ন কৰিব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close