শেহতীয়া
Home / সভা-সমিতি / নলবাৰীত ৰূপালী জয়ন্তী সমাৰোহ উদযাপন

নলবাৰীত ৰূপালী জয়ন্তী সমাৰোহ উদযাপন

নলবাৰীৰপৰা জিন্টুমনি ভূঞা, প্ৰথম খবৰ: নলবাৰী জিলাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ ৰূপালী জয়ন্তী সমাৰোহ ২৯ মাৰ্চ অাৰু ৩০ মাৰ্চত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৯ তাৰিখে ৰাতিপুৱা ৰূপালী জয়ন্তীৰ পতকা উত্তোলনৰ লগত ২৫খন পতকা উত্তোলন কৰে। সমাৰোহত সভাপতি হিচাপে নিয়োগ কৰে জ্যোতিষ ভূঞাক। ৰাতিপুৱা ১১ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। শোভাযাত্ৰা উদ্ভোধন কৰে, অভিনেত্ৰী নিশিতা গোস্বামীয়ে। ১২ বজাত অন্তৰংগ অালাপ। নিশা ৬ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল অাৰু গুৱাহাটী বিশ্ববিদ্যালয় অাৰু সন্দিকৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কন্ঠশিল্পী প্ৰান্তীকা চান্তিল্যৰ দ্বাৰা বসন্তৰ এনিশা অনুষ্ঠিত হয়। ৩০ তাৰিখে ৰাতিপুৱা ১০ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অাৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ মত বিনিময় স্মৃতি ৰোমন্থন অনুষ্ঠিত হয়। দুপৰীয়া ৩ বজাত মুকলি সভা অনুষ্ঠিত হয়। সভাত জ্যোতিষ ভূঞাৰ সভাপতিত্বত উপস্থিত থাকে, বৰক্ষেত্ৰী সমষ্ঠিৰ বিধায়ক নাৰায়ন ডেকা, নিতুমনি শইকীয়া মুখ্য সম্পাদক প্ৰতিদিন টাইম, বশিষ্ঠ বুজৰবৰুৱা ৰাষ্ট্ৰীয় স্বয়ং সেৱৰ উত্তৰ পূৱ প্ৰচাৰ সম্পাদক। আনহাতে নিশা ৬ বজাত সাংস্কৃতিক এনিশা অনুস্থিত হ’ব। মঞ্চ উদ্ভোধন কৰিব জনপ্ৰিয় কমেডি অভিনেতা হিৰন্য ডেকা অাৰু মন্মথ বৰুৱাই। লগতে উপস্থিত থাকিব জনপ্ৰিয় কন্ঠশিল্পী বাবু আৰু উক্ত অনুষ্ঠানৰ নিশা ১২ বজাত সামৰণি পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*