অসমনলবাৰী

নলবাৰীৰ নিজবাহঁজানীত মাতৃহন্তা পৰশুৰাম, নিজ পুত্ৰ-বোৱাৰীয়ে হত্যা কৰিলে মাতৃক

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ নিজবাহঁজানী গাওঁৰ হাউৰাপাৰাত এগৰাকী বৃদ্ধা মাতৃক নিজৰ পুত্ৰ-বোৱাৰী আৰু খুলশালীয়েকে হত্যা কৰাৰ অভিযোগে জিলা ব্যাপি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে, আজি গাওঁ খনৰ এজন লোকে পথাৰক গৰু চৰাবলৈ গৈ বাহঁনিৰ মাজত এটা অগ্নিদগ্ধ মৃতদেহ প্ৰত্যক্ষ কৰে। এনেতে অঞ্চলটোত হুৱাদুৱা লাগি যায়। শৰীৰৰ ৯৫ শতাংশ অগ্নিদগ্ধ হোৱা মৃতদেহটোৰ মাত্ৰ আঠুৰ তলৰ অংশহে দেখা হৈ আছিল। পিছত খবৰ লাভ কৰি ঘটনাস্থলীত নলবাৰী আৰক্ষী আৰু কমাৰকুছি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। এনেতে ৰাইজৰ মাজৰ পৰা হাউৰাপাৰাৰ উদয় ডেকা(৩৮) নামৰ যুৱক এজনে মৃতদেহটোত পিন্ধি থকা চেণ্ডেল যোৰ প্ৰত্যক্ষ কৰি যুৱকজনে কান্দি কান্দি এয়া তেওঁৰ মাতৃ পদুমী ডেকা(৬০) বুলি চিনাক্ত কৰে। যুৱকজনৰ আচৰণত সন্দেহ হৈ ৰাইজে এই হত্যাকাণ্ডৰ লগত তেওঁৱে জড়িত বুলি অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিতিৰ সৃষ্টি কৰে। পিছত আৰক্ষী মৃত পদুমী ডেকাৰ কনিষ্ঠ পুত্ৰ উদয় ডেকা, তেওঁৰ পত্নী তথা বোৱাৰী সংগীতা ডেকা আৰু খুলশালীয়েকে বিনীতা ডেকাক আটক কৰি নলবাৰী থানালৈ নিয়ে। জনামতে যোৱা নিশাৰ পৰা পদুমী ডেকা শোৱা পাতিৰ পৰাই অন্তৰ্ধান হৈ আছিল। কিন্তু আজি পুৱা পুত্ৰ-বোৱাৰী, পৰিয়ালে বৃদ্ধ মাতৃ পদুমীৰ কোনো খা-খবৰ নকৰি নিজৰ কামত ব্যস্ত হৈ ঘটনাৰ এক নাটকীয় ৰুপ দিয়াৰ চেষ্টা কৰিছিল। পদুমী ডেকাই বহু দিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ ঘৰতে আছিল। আৰক্ষী সূত্ৰে জনামতে পাৰিবাৰিক সংঘাতৰ বাবে উদণ্ড পুত্ৰ উদয় ডেকা, তেওঁৰ পত্নী আৰু খুলশালীয়েকে যোৱা নিশাই হত্যা কৰি নিশাতেই বাৰীৰ পিছফালে পেট্ৰোল ধালি জ্বলাই দিয়ে। ইফালে নিজ পুত্ৰই মাতৃক হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। যাৰ বাবে ঘটনাৰ অন্য ৰুপ লব পাৰে বুলি ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফ নিয়োগ কৰা হৈছে। আনহাতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে নলবাৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। ইফালে হত্যাকাণ্ডত জড়িত অভিযুক্ত সকলৰ উপযুক্ত শাস্তিৰ দাবী তুলিছে বাহঁজানীৰ সচেতন ৰাইজে আৰু পৰশুৰাম সদৃশ পুত্ৰৰ কাণ্ডক ধিক্কাৰ দিয়ে। মূলত আৰক্ষী সঠিক তদন্ততহে ওলাব ঘটনাৰ বাস্তৱ সত্যা সত্য।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close