অসমনলবাৰী

নলবাৰীৰ যুৱকৰ গুৱাহাটীৰ ভেটাপাৰাত আত্মহত্যা,প্ৰেমেই কৰিলে জীৱন নিশেষ

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ দীঘেলিৰ এগৰাকী উদিয়মান যুৱকে গুৱাহাটীৰ ভেটাপাৰাত ভাড়া ঘৰত যোৱা নিশা আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনামতে নলবাৰীৰ দীঘেলি গাঁওৰ দূৰ্গা শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ গৌতম কুমাৰ শৰ্মা নামৰ যুৱকজনে বিগত কেইমাহমান পূৰ্বে গুৱাহাটী ভেটাপাৰাত এটি ঘৰ ভাড়া লৈ কোন এক প্ৰতিষ্ঠানত কৰ্মৰত হৈছিল। কিন্তু তেওঁৰ গৃহ গাওঁৰ এচাম সচেতন ৰাইজৰ লগতে বন্ধুৰ পৰা জনামতে গৌতমে দীৰ্ঘদিন ধৰি নলবাৰীৰ বাটচৰৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল। কোনো কথাৰ বাবে ছোৱালীজনী প্ৰেম প্ৰত্যাখ্যান কৰে। তেতিয়া পৰাই যুৱকে জনে হীনমান্যতাত ভূগে। পিছত আকৌ নলবাৰীৰ এজনী যুৱতীৰ প্ৰেমত পৰে। এই গৰাকী যুৱতীও কেইদিনমান পূৰ্বে প্ৰেম প্ৰত্যাখ্যান কৰিলে। যাৰ ফলত কেইবাদিন ধৰি নানাধৰণে প্ৰেম প্ৰত্যাখ্যান কৰা বিষয় সমূহ ফেচবুকতো দুখ।লগাকৈ আপডেট দি নিজৰ জীৱনকে ধিক্কাৰ দিয়া দেখা গৈছিল। অৱশেষত হতাশাত ভূগি যোৱা নিশা গুৱাহাটী ভেটাপাৰাৰ ভাড়া ঘৰতে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয়। গৌতম কুমাৰ শৰ্মা এগৰাকী সহজ সৰল, অমায়িক যুৱক হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ(বিজেপি) সক্ৰিয় সদস্য আছিল। যুৱকজনৰ অকাল মৃত্যুত অৰ্থাৎ এনে সিদ্ধান্তত নলবাৰীত গভীৰ শোকৰ ছাঁ পেলাইছে। তেওঁৰ মৃত্যু বিভিন্ন জনে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close