সভা-সমিতি

নলবাৰীৰ ৰণাকুছি বিজেপিৰ কিষান মৰ্চাৰ সভা

প্ৰথম খবৰ, নলবাৰী: আজি বিজেপিৰ নলবাৰী জিলা কিষান মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহ সভাখন জিলাখনৰ ৰণাকুছিৰ শ্বহীদ ভৱনত অনুষ্ঠিত হৈ যায়। জিলা কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ভাষণ ৰাখে স্থানীয় বিধায়ক নাৰায়ণ ডেকা, বিজেপিৰ ৰাজ্যিক নেতা মনোজ বৰুৱা, কিষান মৰ্চাৰ ৰাজ্যিক নেতা দিলজিৎ বৰ্মন, লক্ষি কলিতা, নেতা সত্য ৰঞ্জন বৰা, বিজেপি নেতা পলাস লাহন, ৰঞ্জিত বৰুৱা, ত্ৰিনয়ন বৰ্মন, বিশ্বজিৎ বৰ্মন, অচিন্ত পৰাশ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ-সভাপতি অপূৰ্ব শৰ্মা, আৰতি বৈশ্য, সাধাৰণ সম্পাদক নিতুল ডেকা সহ কেইবাজনেও।

নৱ তালুকদাৰে আতঁ ধৰা সভাত বিজেপি নেতা মনোজ বৰুৱাই কয় যে অসমত আধুনিক পদ্ধতিৰে কৃষি কাৰ্য আগবঢ়াই নিব বিচাৰিছে। ৰাজ্যৰ ৭০ শতাংশ লোকেই কৃষিৰ লগত জড়িত। সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ আহ্বান জনাইছে। অসম চৰকাৰেও কৃষি বিভাগৰ বিভিন্ন আচঁনি লৈ কৃষক সকলক আগবঢ়াই নিয়াৰ বাবে যত্ন কৰিছে। বিগত কংগ্ৰেছৰ কৰ্মকালৰ দৰে এতিয়া কৃষি বিভাগত দূৰ্নীতি তথা দালালৰ পোহাৰ মেলিবলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কঠোৰ স্থিতিত আৰু আঁচনিৰ সুবিধা প্ৰকৃত কৃষকে লাভ কৰিছে। সভাত বিধায়ক নাৰায়ণ ডেকাই ভাষণত কয় মাটিৰ উৰ্বৰতা আৰু ফচল বৃদ্ধিৰ বাবে অসম চৰকাৰে মাটিৰ স্বাস্থ্য পৰীক্ষাৰ দিহা কৰিছে। তদুপৰি কৃষক সকলক বিভাগৰ পৰা সুযোগ দিয়াৰ বাবে কিষান মৰ্চাৰ সকলো কাৰ্যকৰ্তাই আগভাগ ল’ব লাগিব বুলি দোহাৰে। সভাত ভাষণ প্ৰসংগত বিজেপিৰ জিলা উপ সভাপতি অপূৰ্ব শৰ্মাই কয় যে ‘সংকল্পৰ পৰা সিদ্ধি’ এই শ্লোগান লৈ সকলো দলীয় কৰ্মীয়ে আগবাঢ়িব লাগিব আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে জিলাখনত প্ৰথম স্থানত থাকিব পাৰে। তাৰ বাবে এতিয়াৰ পৰাই সাংগঠনিক কাম কাজৰ মাজেৰে ৰাইজৰ মাজত সোমাবলৈ কাৰ্যকৰ্তাক আহবান জনাই।

সভাত কিষান মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক সত্য ৰঞ্জন বৰাই কয় কিষান মৰ্চাৰ সকলো কৰ্মী ঐক্যবদ্ধভাৱে আগবাঢ়ি মৰ্চাক শক্তিশালী কৰাৰ আহবান জনাই আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফলৰ বাবে দিনে নিশাই এতিয়াৰ পৰাই লাগি যাবলৈ আহ্বান জনাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close