অসম

নলবাৰী তিনিটা পথ উদ্বোধন বিধায়ক অশোক শৰ্মাৰ, পঞ্চায়তত বিজেপিক ভোট দিয়াৰ আহ্বান

প্ৰথম খবৰ, নলবাৰী: নলবাৰী সমষ্টিৰ দেহাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত কিস্মত, দেহাৰকুছি আৰু পূৰ্ণকামদেৱত তিনিটাকৈ এম জি এনৰেগা আঁচনিৰ পথ উদ্বোধন কৰা হয়। আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই। অনুষ্ঠানত বিজেপিৰ  বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি মৃদুল কলিতা, সাধাৰণ সম্পাদকদ্বয় ডিম্বেশ্বৰ বেজবৰুৱা, চন্দন ডেকা, আঞ্চলিক সদস্যাকে ধৰি বহুসংখ্যক ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানত উদ্বোধনী ভাষণত বিধায়ক শৰ্মাই কয় যে- পঞ্চায়ত এলেকাৰ ৰাইজৰ উন্নয়ন আৰু বিকাশৰ বাবে বিভিন্ন আঁচনি লোৱা হৈছে। কিন্তু নিৰ্মাণ কাৰ্যত ৰাইজেও সহযোগ কৰিব লাগে। তাকে নকৰি অভিযোগ কৰিলে সুফল নাপায়। নলবাৰী সমষ্টিৰ উন্নয়নৰ বাবে দিনে নিশাই কাম কৰি আছোঁ।

ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় পঞ্চায়ত নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনাই কয়, পঞ্চায়তসমূহ যাতে দুৰ্নীতি-অনিয়মমুক্ত কৰি ৰাইজৰ কাম কৰিব পৰা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close