অসম

নাগৰিকত্ব সংশোধনী আইন-জাতীয় সংগঠনক অপমান, প্ৰতিকৃতি দাহ কৰিলে সুকুমাৰ বিশ্বাসৰ

প্ৰথম খবৰ, চেঙা: নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসে কৰা বিতৰ্কিত মন্তব্যত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন৷

উল্লেখ্য যে, অলপতে সাংবাদিকৰ আগত সংগঠনটোৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসে বাঙালী হিন্দু বিদেশীৰ ওপৰত অসমৰ কোনো দল সংগঠনৰ মাত মতাৰ অধিকাৰ নাই বুলি বিৰূপ মন্তব্য কৰিছিল৷ তেওঁৰ এই মন্তব্যৰ পাছতে সৰ্বত্ৰে খৰ্গহস্ত হৈ পৰিছিল জাতীয় দল সংগঠন। ইয়াৰে প্ৰতিফলত আজি চেঙাত সুকুমাৰ বিশ্বাসৰ প্ৰতিকৃতি দাহ কৰে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ লগতে চেঙা আৰু ভেল্লা আঞ্চলিক সমিতিয়ে।
বৰপেটা জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সম্পাদক চলমান হুচেইনৰ নেতৃত্বত আজি সংগঠোনটোৰ অৰ্ধ শতাধিক কৰ্মীয়ে চেঙা বেছিক চ’কত প্ৰতিবাদ সাব্যস্ত কৰে৷ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসৰ প্ৰতিকৃতি দাহ কৰি গৰিয়া-মৰিয়াৰ প্ৰতিবাদী সদস্যসকলে সুকুমাৰ বিশ্বাস মুৰ্দাবাদ, সুকুমাৰ বিশ্বাস হুঁচিয়াৰ, বাংলাদেশীৰ দালাল সুকুমাৰ বিশ্বাস গো বেক, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ, ধ্বনিৰে চেঙাৰ আকাশ বতাহ উত্তাল কৰি তোলে।অসমে কোনো কাৰণতে ৭১ৰ পাছৰ কোনো বিদেশীৰ বোজা গ্ৰহণ নকৰে বুলিও সংগঠনটোৱে সকিয়নী দিয়ে। বাঙালী সংগঠনক সংযত হ’বলৈ আহ্বান জনাই গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে পুনৰ কয় যে অসম চুক্তি অনুসৰি বিদেশী সমস্যা সমাধান হ’বই লাগিব।

Related Articles

Leave a Reply

Close