অসম

নামতিত যুৱ কংগ্ৰেছৰ চাফাই অভিযান

নামতিপৰা ৰূপম বৰবৰা,প্ৰথম খবৰ: ঐতিহাসিক স্থানসমূহ স্বচ্ছ আৰু পৰিস্কাৰ কৰি ৰাখিবৰ বাবে চাফাই অভিযান আৰম্ভ কৰিছে আমগুৰি ব্লক যুৱ কংগ্ৰেছে। আমগুৰি কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ নেতৃত্বত শিৱসাগৰ ঐতিহাসিক নামতি দ’ল আৰু স্বৰ্গদেও চ্যুকাফা উদ্যানত যুৱ কংগ্ৰেছৰ নেতৃত্বত হাতত ঝাড়ু কোৰ লৈ চাফাই অভিযান আৰম্ভ কৰে। ঐতিহাসিক সমল আৰু স্থানসমূহ পৰ্যটকৰ আকৰ্ষণৰ বাবে পৰিস্কাৰ কৰি ৰাখিবৰ বাবে কংগ্ৰেছ নেতৃত্বই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে অংকিতা দত্তই। এই কাৰ্যসূচীত উপস্থিত থাকে আমগুৰি নগৰ মণ্ডল কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীযুত পুৰুজিৎ মহন্ত, আমগুৰি সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মঃ ৰফিকুদ্দিন আহমেদ, সাঃ সম্পাদক শ্ৰী সুপ্ৰিম দিহিঙ্গীয়া, নামতি দল গাওঁ পঞ্চায়ত সভাপতি শ্ৰীযুত বিনোদ গগৈ, আঞ্চলিক সদস্যা শ্ৰী জীনা গগৈ নামতি দল মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী দুলু বৰুৱা, সম্পাদক শ্ৰী মৃন্ময় গগৈ, মণ্ডল কংগ্ৰেছৰ সাঃ সম্পাদক শ্ৰী দেব শইকীয়া আদি কৰি সমূহ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close