অসম

নামতোলাত এছএছ লেফটেনেন্ট আটক

প্ৰথম খবৰ,সোণাৰি: সোণাৰিৰ নামতোলাৰ পৰা এনএছচিএনআইএমৰ এছ এছ লেফটেনেন্ট আটক সেনাৰ। ধৃত এনএছচিএনৰ নেতাজন নাগালেণ্ডৰ অতিং জিলাৰ লাইপা কন্যাক ওৰফে এলয় কন্যাক বুলি সেনাৰ সূত্ৰত প্ৰকাশ। সোণাৰিস্থিত সেনাৰ ১৭ নং পেৰা ৰেজিমেণ্টে আটক কৰা কেডাৰ জনৰ পৰা এটা পইণ্ট ২২ চাইনিজ পিষ্টল, তিনিজাই সজীৱ গুলী, নগদ ৮৫০০ টকা আৰু বহুতো আপত্তি জনক নথি পত্ৰ উদ্ধাৰ কৰিছে।সম্প্ৰতি সেনাই অধিক তথ্যৰ বাবে অজ্ঞাত স্থানত ধৃত কেডাৰজনক জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close