অসম

নাৰী কেন্দ্ৰিক নেতিবাচক সংবাদৰ অৱসান ঘটোৱাৰ আহ্বান প্ৰতিবন্ধী লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ:“আন্তৰ্জাতিক নাৰী দিৱস বুলিয়েই নহয়, সমাজৰ প্ৰতিজন মানুহেই নাৰীৰ প্ৰতি সন্মান জনাব লাগে। সাম্প্ৰতিক সময়ত নাৰীসকলৰ প্ৰসংগত যিবিলাক নেতিবাচক সংবাদ আহে সেইবিলাকৰ অৱসান হ’ব লাগে”– এই মন্তব্য প্ৰতিবন্ধী বিশিষ্টা লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ। অসমৰ প্ৰথম মহিলা শিল্পীৰ বেণ্ড ‘সুৰ সমলয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ‘আন্তৰ্জাতিক নাৰী দিৱস’ উপলক্ষে আজি সন্ধিয়া লেখিকাগৰাকীক তেখেতৰ ফুলগুৰিৰ বাসগৃহত সম্বৰ্ন্ধনা জনোৱা হয়। এটা ফুলৰ থোপা, এখনি সম্বৰ্ন্ধনা পত্ৰ,এখনি চাদৰ আৰু এটি বঁটাৰে সুৰ সমলয় মহিলা সাংস্কৃতিক দলটোৱে লেখিকাগৰাকীক উষ্ম সম্বৰ্ন্ধনা জনায়।উল্লেখ্য যে, সুৰ সমলয় সাংস্কৃতিক দলটিত লেখিকা অঞ্জলি মহন্ত, কবিতা নাথ, আৰতি মহন্ত, শেৱালি লেখাৰু, নাজমা আহমেদ আৰু সংগীতশিল্পী চিত্ৰদেৱ মহন্ত উপস্থিত থাকি লেখিকাগৰাকীক সম্বৰ্ন্ধনা জনায়।

Related Articles

Leave a Reply

Close