অসম

নিম্নমানৰ আন্ত:গাঁঠনি বাবে মুকলি নোহোৱাকৈ জহিখহি গৈছে খুমটাই আদৰ্শ চিকিৎসালয়

প্ৰথম খবৰ,খুমটাই: খুমটাই বিধান সভা সমষ্টি অন্তৰ্গত খুমটাইত ২০১৫ চনতে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা খুমটাই আদৰ্শ চিকিৎসালয়খনে বৰ্তমান সময়ত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে বৃহত্তৰ খুমটাইৰ ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছিল যদিও চিকিৎসালয়খনৰ আন্ত:গাঠনি কাম অতি নিম্নমানৰ হোৱাত বৰ্তমান সময়ত চিকিৎসালয়খনৰ বেৰত চিৰাল ফাট দিয়াত কোন সময়ত চিকিৎসালয়খনৰ নৱনিৰ্মিত গৃহটো খহি পৰে ঠিক নাই।

বহু কোটি কোটি টকা ব্যয় কৰি খুমটাই আদৰ্শ চিকিৎসালয়খন শুভাৰম্ভ ন’হওতেই দূৰ্বল আন্তঃগাঠনিৰ বাবে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে৷ ৰাইজৰ অভিযোগ চিকিৎসালয়খন নিৰ্মাণত সংঘটিত হৈছে বিয়াগোম দূৰ্নীতি৷ চিকিৎসালয়খন নিৰ্মাণ কৰা ঠিকাদাৰ জনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে শুভাৰম্ভ ন’হওতেই দেৱালসমূহত চিৰাল ফাট মেলাৰ লগতে চাৰ্ড খহি পৰিছে। এজাক বৰষুণতেই এতিয়া নৱনিৰ্মিত চিকিৎসালয় গৃহটোৰ ভিতৰ চ’ৰাত একাঠু পানী হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ বৃহত্তৰ খুমটাই অঞ্চলৰ একমাত্ৰ চিকিৎসা প্ৰতিষ্ঠানখনৰ নিৰ্মাণ আৰু দুৰ্নীতিৰ প্ৰতি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে খুমটাইৰ কেইবাটাও দল সংগঠন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close