অসম

নিৰ্বাচনৰ পদ সংৰক্ষিত কৰাৰ দাবীত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,শিৱসাগৰ: সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি দিচাংমুখ গাওঁ পঞ্চায়তৰ সভাপতি পদটি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে সংগঠনটোৱে অনুসূচিত জাতিৰ নামত সংৰক্ষণৰ ব্যবস্থা থকা দিচাংমুখৰ পঞ্চায়তৰ সভানেত্ৰীৰ আসন খন সংৰক্ষণ ব্যৱস্থা ৰাজনৈতিক ষড়যন্ত্ৰৰে বদলি কৰি অনুসুচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা বিষয়টোত তীব্ৰ বিৰোধিতাৰে জাঙুৰ খাই উঠিছে সংগঠনটো। প্ৰতিবাদী  কাৰ্য্যসূচীৰ পিছতে সংগঠনটোৱে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close