অসম

নুমলীগড়ত নাঁও দুৰ্ঘটনা

প্ৰথম খবৰ,নুমলীগড়: কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নুমলীগড়ৰ এক নং পাৰঘাটৰ ধনশিৰি নদীত আজি সন্ধিয়া প্ৰায় ৫ বজাত এক শোকাৱহ নাঁও দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ৰাজীৱ বাউৰী নামৰ এটি ৮ বছৰীয়া শিশু নিহত হোৱাৰ লগতে ডালি বাউৰী (৩০) নামৰ এজন লোক সন্ধানহীন হৈ আছে।

জানিবপৰা মতে নাঁওখনত মহিলাসহ ছয় গৰাকী লোক উঠি ১ নং পাৰঘাটৰ পৰা ধনশিৰি নদী পাৰ হৈ কালিয়নীলৈ যাবলৈ ওলাইছিল কিন্তু নদীৰ মাজভাগতে নাঁওখন দুৰ্ঘটনাত পতিত হয়। নাঁওত থকা চাৰিজন লোকক স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কমাৰগাওঁ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এচ ডি আৰ এফ বাহিনীক খবৰ দিয়ে। কালিলৈ পুৱা সন্ধানহীন ব্যক্তিজনক বিছাৰি অভিযান চলোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃত শিশুটো সন্ধানহীন হৈ থকা ডালি বাউৰী নামৰ ব্যক্তিজনৰ ভাগিনিয়েক। শিশুটিৰ ঘৰ দেৰগাঁওৰ নেঘেৰিটিংত বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close