Home / অসম / পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ আদেশত নিলম্বিত হ’ল সচিব শৰৎ বৰ্মন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ আদেশত নিলম্বিত হ’ল সচিব শৰৎ বৰ্মন

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: নলবাৰী জিলাৰ টিহু মহকুমাৰ অন্তৰ্গত ৪৬নং পূব নামবৰভাগ গাঁও পঞ্চায়তৰ দহ গৰাকী সদস্যই চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ ধনৰ লগতে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি পঞ্চায়তখনৰ সচিব গৰাকীৰ বিৰুদ্ধে টিহু আৰক্ষী থানাত  এজাহাৰ দিছিল আৰু এই এজাহাৰৰ ভিত্তিত টিহু থানাত ৩১/১৮ নম্বৰত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিতে টিহু আৰক্ষীয়ে কেইবা ঘন্টা সোধা পোচাৰ অন্তত ১ মাৰ্চত আৰক্ষীয়ে পঞ্চায়তৰ সচিব শৰৎ বৰ্মনক গ্ৰেপ্তাৰ কৰি নলবাৰী আদালতত হাজিৰ কৰায়। আদালতে তেওঁক জে’ললৈ পঠায়।
গাঁও পঞ্চায়তখনৰ সদস্য সকলে কৰা অভিযোগ মতে, গাঁও পঞ্চায়তখনৰ সচিব শৰৎ বৰ্মনে ২০১৫-১৬ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনৰ আঁচনিৰ ২য় কিস্তিৰ চৰকাৰী পুঁজি পঞ্চায়তৰ সদস্য-সদস্যাসকলৰ কাৰ্যনিৰ্বাহক সভা আহ্বান নকৰাকৈ নিজৰ মতে আঁচনি গ্ৰহণ কৰি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰে। গাঁও পঞ্চায়তৰ নিজা পুঁজি সম্পূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰতো সচিব গৰাকীয়ে পঞ্চায়তৰ সদস্য-সদস্যা সকলক অৱজ্ঞা কৰি আহিছে। সচিব গৰাকীয়ে আনকি ত্ৰয়োদশ বিত্তীয় আয়োগৰ অধীনত দিপ্তা গাঁৱৰ “আহেদ আলীৰ ঘৰৰ পৰা হাইদৰ আলীৰ ঘৰলৈকে” পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন  হৈছে।

উল্লেখ্য যে, এজাহাৰ কাৰীৰ লগতে ৰাইজে এই দুৰ্নীতিগ্ৰস্ত বিষয়া গৰাকীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছিল। এতিয়া অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ  আদেশ  মৰ্মে চাকৰিৰ পৰা নিলম্বিত হ’ল পঞ্চায়ত সচিব শৰৎ বৰ্মন। উল্লেখনীয় পূৰ্বেও বৃদ্ধ পেঞ্চনৰ ধন, ইন্দিৰা আৱাস যোজনাৰ ধন, হাৰিয়ালি আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ ধন আত্মসাত কৰাৰ অভিযোগত কাৰাবাস খাতিছিল ৪৬ নং পূৱ-নাম্বৰভাগ গাঁও পঞ্চায়তৰ সচিব শৰৎ বৰ্মনে। কিন্তু জেলৰপৰা ওলাই অহাৰ পিছত পুনৰ সেইখন পঞ্চায়ততে সচিব হৈ থকাত এক ৰহস্যৰ সৃষ্টি হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*