অসমশীৰ্ষ

পঞ্চায়ত নিৰ্বাচনত লামডিঙত হাঁহিব বিজেপিয়ে, বিধায়ক শিবু মিশ্ৰৰ দাবী

প্ৰথম খবৰ, লামডিং: শনিবাৰে সন্ধিয়া লামডিং অসামৰিক চিকিৎসালয়ত আৰু লামডিং মণ্ডল বিজেপি কাৰ্যালয়ত বিধায়ক শিবু মিশ্ৰক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। এইবাৰ বাজেটত  লামডিং এফআৰইউক ১০০খন বিচনাযুক্ত আৰু লামডিং সমষ্টি অন্তৰ্গত কাঁকীত দিনদয়াল উপাধ্যায় মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰস্তাৱৰ পিছত লামডিঙৰ বিধায়কৰ ওপৰত সন্তুষ্ট হৈ এই  সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে লামডিঙৰ একাংশ ৰাইজে।

অভিযোগ অনুসৰি পূৰ্বতে লামডিঙৰ প্ৰাক্তন বিধায়ক স্বপন কৰৰ অকৰ্মন্যতা বাবেই অতিকৈ জৰাজীৰ্ণ হৈ পৰিছিল লামডিং। লামডিং সমষ্টিৰ উন্নতিতো দূৰৈৰ কথা, এখনো আঁচনিয়ে ঢুকি নাপালে লামডিঙৰ ৰাইজক।

ইফালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে লামডিঙত নিঃসন্দেহে জয়লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক শিবু মিশ্ৰই।

Related Articles

Leave a Reply

Close